VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
December 7, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

আজি বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰীৰ ওপজা দিন । ১৮৯৮ চনৰ আজিৰ দিনটোতে কামৰূপ জিলাৰ পলাশবাৰীত তেওঁৰ জন্ম হয় । ১৯২৮ চনত তেওঁ কলিকতাৰ ছেইণ্ট পল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি কেইবাখনো বিদ্যালয়ত শিক্ষকতা কৰাৰ পিছত ১৯৬৫ চনত বৰপেটা বিদ্যাপীঠৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে । ছাত্ৰাৱস্থাৰ পৰাই তেওঁ লেখা-মেলা কৰিছিল । কবিতা, গীত, গল্প, নাটক, শিশু-সাহিত্য আদি সকলো দিশতে তেওঁ অৰিহণা যোগাইছিল যদিও এগৰাকী কবি হিচাপেহে অধিক প্ৰসিদ্ধ ।‌অগ্নিমন্ত্ৰ, গুঞ্জৰী, মধুৰ বিপাক আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । তেওঁ প্ৰকাশ নামৰ সাপ্তাহিক কাকত এখনো সম্পাদনা কৰিছিল । ১৯৭৮ চনত গোলাঘাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাৰ ওপজা দিন । ১৯০৬ চনৰ আজিৰ দিনটোতে তিতাবৰৰ হামদৈ বগীৰ গাঁৱত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী প্ৰবন্ধকাৰ, অনুবাদক, সাহিত্য সমালোচক তথা অধ্যাপক । ১৯২৯ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি শিক্ষকতাৰে তেওঁ কৰ্মজীৱনৰ পাতনি মেলে । কিছুদিন কাশী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ পিছত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত যোগদান কৰে । ১৯৪৪ চনত তেওঁ নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰূপে যোগদান কৰে আৰু ১৯৬৮ চনত অৱসৰ গ্ৰহণ কৰে । সৰুৰে পৰাই সাহিত্য সাধনাত ব্ৰতী হোৱা যজ্ঞেশ্বৰ শৰ্মাৰ প্ৰথম কবিতাটো আছিল দিনৰ সপোন । তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত শতপত্ৰ, লেফাফা, ফুল আৰু জুই, সাহিত্য-সংস্কৃতিৰ প্ৰবাহ আদি অন্যতম । ১৯৭৬ চনত টিহুত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক হোমেন বৰগোহাঁঞিৰ ওপজা দিন । ১৯০২ চনৰ আজিৰ দিনটোতে লক্ষীমপুৰ জিলাৰ ঢকুৱাখনাত তেওঁৰ জন্ম হৈছিল । কটন কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লৈ ১৯৫৫ চনত তেওঁ অসম প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে কৰ্মজীৱনৰ পাতনি মেলে । পিছলৈ তেওঁ চৰকাৰী পদবী এৰি ১৯৬৮ চনত সাপ্তাহিক নীলাচলৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে যোগদান কৰে । তাৰ পিছত তেওঁ নাগৰিক, লোকায়ত, অসমবাণী, সূত্ৰধাৰ,সাতসৰী, দৈনিক বাতৰি, আমাৰ অসম, নিয়মীয়া বাৰ্তা আদি কাকত-আলোচনী সম্পাদনা কৰে । সাত বছৰ বয়সতে তেওঁ কৰিতাৰে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল । তেওঁৰ সাহিত্য কৃতিসমূহৰ ভিতৰত গল্প আৰু নক্সা, সুবালা, অস্তৰাগ, হালধীয়া চৰায়ে বাও ধান খায়, মৎস্যগন্ধা, প্ৰজ্ঞাৰ সাধনা, আত্মানুসন্ধান, হৈমন্তী, এশ বছৰৰ অসমীয়া কবিতা আদি অন্যতম । ১৯৭৮ চনত তেওঁৰ পিতা-পুত্ৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৯২ চনত লাভ কৰে অসম উপত্যকা সাহিত্য বঁটা । তেওঁ অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাও লাভ কৰে । ২০০১ চনত ডিব্ৰুগড়ত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

থেস্প’ থিয়েটাৰ ফেষ্টিভেললৈ উত্তৰ পূবৰ প্ৰথমখন নাটক

Related Posts

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
সমাজ

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

April 13, 2023
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
সমাজ

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

April 4, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা
সমাজ

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

March 24, 2023
Next Post
থেস্প’ থিয়েটাৰ ফেষ্টিভেললৈ উত্তৰ পূবৰ প্ৰথমখন নাটক

থেস্প' থিয়েটাৰ ফেষ্টিভেললৈ উত্তৰ পূবৰ প্ৰথমখন নাটক

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে  ?

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে ?

June 2, 2023
‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7