অসমৰ গাৱঁলীয়া সমাজৰ এক পৰিচিত নাম পীৰা। পীৰা অৰ্থাৎ আসন, য’ত বহি অসমীয়া লোকে সকলো ধৰণৰ কাম কৰিছিল। বৰ্তমান সময়ত পীৰাৰ পৰিচয় নাইবা পীৰা বুলি ক’লে আমি বুজি পাওঁ বিয়াত দৰা – কইনাই বহা কাৰু-কাৰ্যসূচীত কাঠেৰে নিৰ্মিত চাৰিটা খুৰা থকা এখন ধুনীয়া পীৰা। বিয়া -সবাহ বা আন কিছুমান অনুষ্ঠানৰ বাহিৰে আজিৰ দিনত পীৰা ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা নাযায়।
পীৰা অসমীয়া সংস্কৃতিৰ বাপতি সাহোন। পীৰা নোহোৱা ঘৰখনৰ কথা কল্পনাই কৰিব নোৱাৰি। আজি কিছু বছৰ আগতেও পীৰাখন অতি প্ৰয়োজনীয় আহিলা হোৱাৰ লগতে অসমীয়া সকলৰ মাজত সৰ্বত্ৰতে ব্যৱহৃত হৈছিল। অসমীয়া মানুহে নিজেও পীৰাত বহিছিল আৰু আনকো পীৰাত বহিবলৈ দিয়াতো সন্মানৰ কথা বুলি ভাবিছিল। প্ৰতিঘৰ অসমীয়াৰ পাকঘৰত বেৰত আওজাই থোৱা হৈছিল বিভিন্ন ধৰণৰ পীৰা। ঘৰৰ ডাঙৰ মানুহজনৰ বাবে ডাঙৰ পীৰাখনৰ দৰে সৰু বোৰৰ বাবে সৰু পীৰাও আছিল । আনকি সকলোৰে নিজস্ব একোখন পীৰা আছিল। পীৰাবোৰত কেতিয়াবা ফুল কাটি নক্সা বনোৱাৰ দৰে কিছুমান পীৰা ৰঙ-বিৰঙৰ কৰি লোৱা হৈছিল। যৌথ পৰিয়াল বোৰত ডাঙৰ পাকঘৰত বহুত পীৰা সজাই থোৱা হৈছিল। ভাত খাবৰ সময়ত পীৰাবোৰ মাটিত পাৰি দিয়া হৈছিল অতি পৰিপাটিকৈ। আজিকালি চকী -মেজ ( ডাইনিং -টেবুল) ব্যৱহাৰ হ’বলৈ ধৰাত পীৰাবোৰৰ অস্তিত্ব নোহোৱা হৈ গ’ল বা ঘৰৰ কোনোবা চুক এটাত পৰি থাকিল নীৰৱে।
অসমীয়া মানুহে চিনাকী অচিনাকী সকলোকে বৰপীৰা পাৰি বৰঘৰত বহুৱাইছিল। সাধাৰণতে বৰপীৰা , তামুলী পীৰা , ডুখুৰী পীৰা , চালপীৰা আদি বিভিন্ন নামেৰে পীৰাৰ নামাকৰণ কৰা হৈছিল।
বাপতি সাহোন ব’হাগ বিহুত বিহুগীত -বনগীত আদিত পীৰাই স্থান লাভ কৰা দেখিবলৈ পোৱা যায় —–
” চিৰিপ চিৰিপ কৰি নৈতে পীৰা পাৰি
তুমি কাৰে কাপোৰ ধোৱা;
ভৰি ধোৱা চলেৰে তোমাক সুধি গ’লো
তুমি কাৰে কিয়ে হোৱা।”
আমাৰ সমাজ জীৱনত প্ৰতিটো ক্ষেত্ৰতে পীৰাৰ উল্লেখ দেখিবলৈ পোৱা যায়। উজনি -নামনি সকলো অঞ্চলতে যোজনা ফকৰা আদিত পীৰাৰ উল্লেখ মন কৰিবলগীয়া —
“মাহেকে -পষেকে যাবা
বৰ পীৰা খন পাবা ।
সপ্তাহে সপ্তাহে যাবা
থকনা গোজনা খাবা।” ঠিক সেইদৰে–
” খাব জানিলে চাউলেই চিৰা
বহিব জানিলে মাটিয়েই পীৰা।”
গোৱালপাৰা অঞ্চলত সাধুকথাত প্ৰচলিত–
” দাঁতিনী বুঢ়ি নাতিনী খায়
পীৰাই মানুষে উটিয়া যায়।”
অসমীয়া শিশুগীত সমূহতো সৰল মনৰ শিশুৱে বেলিটোক খেলিবলৈ মাতিব লওঁতেও পীৰা খনৰ উল্লেখ হয়—
” ৰ’দালিয়ে ৰ’দ দে, ৰ’দ দে–
আলি কাটি জালি দিম
বৰ পীৰা পাৰি দিম
তাতে বহি ৰ’দ দে ৰ’দ দে।”
অসমৰ জনগোষ্ঠীৰ মাজত জন্ম-বিবাহ-মৃত্যু সম্পৰ্কীয় লোকাচাৰত পীৰাৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়। লোকবিশ্বাস মতে , জন্মৰ পাঁচ বা ছয় দিনৰ দিনাখন বিধাতাই শিশুৰ ভাগ্যলিপি লিখিবলৈ আহে সেইবাবে ৰাতি প্ৰসূতিৰ কোঠাত নৈবেদ্য আগবঢ়াই উকা কাকত এখিলা , পাখি কলম এডালেৰে এখন তামুলী পীৰা নতুন গামোচাৰে ঢাকি থৈ দিয়ে। বিধাতাই আহি অদৃশ্য হাতেৰে ভাগ্যলিপি ভালকৈ লেখি থৈ যায় বুলি বিশ্বাস কৰা হয়।
পীৰাৰ ব্যৱহাৰ সম্পৰ্কে কিছুমান নীতি-নিয়ম আছে। আলহী অহা মাত্ৰকে ঠাই এডোখৰ সৰা মোচা কৰি পীৰা এখন পাৰি বহিবলৈ দিয়া হয়। তাৰ পিছতহে খবৰ-বাতৰি লোৱা হৈছিল। ঠিক সেইদৰে আলোহী জঁনেও উঠি আঁহোতে পীৰা খন উঠাই থৈ দিয়ে নাইবা অলপমান হ’লেও আঁতৰাই থৈ অহাৰ নিয়ম আছিল। কাৰণ নোহোৱাকৈ কেতিয়াও পীৰা পাৰি থোৱা নহয় , বিশেষকৈ ৰাতিৰ সময়ত। ৰাতি পীৰা পাৰি থলে ভূত আহি বহে বুলি জনবিশ্বাস আছে।
অসমীয়া লোক-সাহিত্যত পীৰাকলৈ বিভিন্ন সাধু কথা আৰু কাহিনী গীতৰো সৃষ্টি হৈছে—
” ক’ৰ পৰা আহিলি শাঁখিনী তেজা
আহিয়েই ভাঙিলি বৰপীৰাৰ খুৰা।
ক’ৰ পৰা আহিলি শাঁখিনী তেজা
আহিয়েই ভাঙিলি চালপীৰাৰ খুৰা।”
শিশু সকলৰ খেল-ধেমালীৰ গীত বোৰৰ মাজতো পীৰাৰ উল্লেখ থকা দেখিবলৈ পোৱা যায়। গোৱালপাৰা অঞ্চলত প্ৰচলিত কিছুমান খেল-ধেমালীৰ গীতত পীৰাৰ উল্লেখ মন কৰিবলগীয়া–
” ইচনী বিচনী ঢাৰা কিচনী
মৌ পাৰে চিলা পাৰে
হাকুৰ বেটি চাউল ঝাৰে
খুড়পা দেউ খুড়পা দেউ
বৰ পীৰা খান পাৰি দেও
এলপাত বেলপাত
ৰাজা ঘৰেৰ চিৰি কাট
কাটুঙ কি নাকাটুঙ ঘেচেঙ।”
বিবাহ উৎসৱতো বিশেষ ভাৱে পীৰাৰ ব্যৱহাৰ আছে। বিয়াত দৰা-কইনাক আদৰিবলৈ বা গা ধুৱাবলৈ চামৰ পীৰাৰ সমাদৰ থকাৰ দৰে কইনা ঘৰত দৰাক ভৰি ধুৱাবলৈ পীৰাক ব্যৱহাৰ কৰা হয়।
অন্যান্য উৎসৱ -পাৰ্বনতো পীৰাৰ ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায়। লখিমীৰ আগ অনা পৰ্ব , নোৱাই তোলনী বিয়া , লগুণ দিয়নী , মঙল চোৱা আদি কাৰ্যতো পীৰাৰ ব্যৱহাৰ মন কৰিবলগীয়া।
মুঠতে পীৰাৰ ব্যৱহাৰ উজনি -নামনি , জনজাতীয় -অজনজাতীয় সকলো সমাজতে ইমান বেছি আছিল যে কাৰোবাক শত্ৰু জ্ঞান কৰিলেও ‘বহিবলৈ পীৰা নিদিয়া’ কথাষাৰ ব্যৱহাৰ কৰাৰ দৰে কাৰোবাক এঘৰীয়া কৰিলেও ‘পীৰা বৰ্জন কৰা’ বুলিহে কোৱা হৈছিল।
আজিৰ দিনত আমি কেৱল অনুষ্ঠান আদিত হে পীৰা দেখিবলৈ পাওঁ। বিশেষকৈ বিবাহৰ সময়ত দৰা-কইনাক বহিবলৈ ধুনীয়াকৈ পীৰা বনাই লোৱা হয়। কিন্তু কিছু বছৰ আগলৈ যদি আমি উভতি যাওঁ আমাৰ চকুৰ আগত ভাঁহি আহে এটা আটোমটোকাৰী পাকঘৰ য’ত বিভিন্ন সামগ্ৰী থকাৰ উপৰিও শাৰী শাৰীকৈ সজাই থোৱা হৈছিল পীৰাবোৰ। ভাত হোৱাৰ উমান পালেই পাকঘৰলৈ দৌৰি যোৱা আৰু মজিয়াত পানী ছটিয়াই পীৰাবোৰ ধুনীয়াকৈ সজাই দিয়া এটা নৈমিত্তিক কামৰ ভিতৰত পৰিছিল। নিৰ্দিষ্ট একোখন সকলোৰে পীৰা থাকে আৰু সেই পীৰাবোৰত বহি ভাত খোৱা সেইদিনবোৰৰ পৰম্পৰা আছিল। পীৰা বুলি ক’লে আজিও মনলৈ আহে ‘মা’ই পাকঘৰত ভাত ৰান্ধি থকা সময়ত ‘মা’ৰ ওচৰত পীৰা পাৰি লৈ বহি কিতাপ পঢ়াৰ দিনবোৰলৈ। আজিৰ দিনত পীৰা খন অতীত হৈ গ’ল যদিও কোনো এটা সময়ত মনলৈ আহে পাকঘৰৰ মজিয়াত পীৰাত বহি ভাত খোৱা সেই সুমধূৰ দিনবোৰলৈ।