কাটাৰত অনুষ্ঠিত হৈ থকা ফুটবল বিশ্বকাপ অন্তিম পৰ্যায়ত উপনীত হৈছে। বিশ্বকাপৰ মাত্ৰ চাৰিখন খেল বাকী আছে। ছেমি ফাইনেল দুখন, তৃতীয় স্থানৰ মেচ আৰু ফাইনেল মেচ অনুষ্ঠিত হ’ব ৷ এই চাৰিওখন মেচ নতুন ডিজাইনাৰ বলেৰে খেলা হ’ব ৷ ফিফাই তেওঁলোকৰ ৱেবছাইটত এই কথা প্ৰকাশ কৰিছে।অৱশ্যে বলৰ গঠন বা আন কোনো পৰিৱৰ্তন কৰা হোৱা নাই ৷ মাত্ৰ ডিজাইনটোহে অলপ সলনি কৰা হৈছে। যোৱা চাৰিখন মেচৰ বলত সোণালী ৰঙ দেখা পোৱা যাব । নতুন বলটোৰ নাম দিয়া হৈছে ‘আল হিম’ অৰ্থাৎ সপোন।
ফিফাই প্ৰতিবাৰেই শেষত অনুষ্ঠিত হোৱা মেচসমূহতত বলৰ ডিজাইন সলনি কৰে। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ’ল। বিশ্বকাপৰ বল এইবাৰ শেহতীয়া প্ৰযুক্তিৰে ব্যৱহাৰ কৰা হৈছে। ‘আল ৰিহলা’ নামেৰে নামাকৰণ কৰা এই বলটোৰ ভিতৰত চেন্সৰ থাকে, যিয়ে মেচখনৰ প্ৰতিটো মুহূৰ্তৰ বহু তথ্য প্ৰদান কৰে। মৰুভূমিৰ দুপৰীয়া সময়ত দেখা পোৱা ৰঙ বলটোত সন্নিবিষ্ট কৰা হ’ব ৷য’ত কাটাৰৰ পতাকাৰ ডিজাইনো আছে। তদুপৰি থাকিব বিশ্বকাপৰ ট্ৰফীৰ ৰং।
বিশ্বকাপ মেচৰ বলত ব্যৱহাৰ কৰা উন্নত প্ৰযুক্তিৰ বাবে এইবাৰ বহু সুবিধা হৈছে। বলৰ পৰা তথ্য বিশ্লেষণ কৰিও অফছাইডৰ কঠিন সিদ্ধান্তও সহজে লোৱা হৈছে। এই বলটো মেচৰ আগতে মোবাইল, লেপটপৰ দৰে চাৰ্জ কৰিব লাগে। বলটোক লৈ এতিয়ালৈকে কোনো অভিযোগ উত্থাপন হোৱা নাই।