একাধিকবাৰ এলার্মৰ শব্দত পুৱা সাৰ পোৱাৰ অভ্যাস আছে নেকি ? বাৰে বাৰে এলার্ম বন্ধ কৰি শোৱাৰ অভ্যাস আপোনাৰ গঢ় লৈ উঠিছে নেকি ? যদি আপোআৰ এনে অভ্যাস আছে তেনেহ’লে এই অভ্যাস আজিয়েই পৰিত্যাগ কৰক ৷ কিয়নো এনে অভ্যাসৰ বাবেই আপোনাৰ শৰীৰত একাধিক গুৰুতৰ ৰোগে বাহ ল’ব পাৰে ৷ চাও আহকচোন এনে অভ্যাসে কি কি সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷
বহুতৰে ৰাতি ইটোৰ পিছত সিটো এলাৰ্ম দি শুই থকাৰ অভ্যাস আছে ! ফলত সাৰ পোৱাৰ লগে লগে ইটোৰ পিছত সিটো এলাৰ্ম অফ কৰিব লগা হয়। চিকিৎসকে কয় যে কোনোবাই যদি জোৰকৈ সাৰ পাবলৈ চেষ্টা কৰে তেন্তে ইয়াৰ প্ৰভাৱ ‘চাৰ্কেডিয়ান ঘড়ী’ অৰ্থাৎ শাৰীৰিক ঘড়ীত পৰে। টোপনিৰ এটা নিৰ্দিষ্ট চক্ৰ থাকে। এজন প্ৰাপ্তবয়স্ক ব্যক্তিক ৭-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন। বহুতে ৰাতি শুই পুৱা সাৰ পায়। টোপনিৰ চক্ৰ অসম্পূৰ্ণ হৈয়েই থাকে। ই শৰীৰৰ কাৰ্যক্ষমতা হ্ৰাস কৰে। এটাতকৈ বেছি এলাৰ্ম দিব নালাগে ৷
বহু লোকে শুই উঠি বিচনা পৰিস্কাৰ নকৰাকৈয়ে আন কাম আৰম্ভ কৰে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে পুৱা সাৰ পোৱাৰ পাছত নিজে বিচনা চাফা কৰিলে গোটেই দিনটো মনটো শান্ত হৈ থাকে ৷ কর্মদক্ষতাও বৃদ্ধি পায়। নহলে দিনটোলৈ এলাহ লাগি থাকে ৷
বহুতে সাৰ পোৱাৰ পিছত কফি নোখোৱাকৈ দিনটো আৰম্ভ নকৰে। সাৰ পোৱাৰ পিছত শৰীৰত কৰ্টিছল হৰম’নৰ উৎপাদনৰ হাৰ বৃদ্ধি পায়। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে খালী পেটত সামান্য পৰিমাণৰ কফি খালে কৰ্টিছলৰ নিঃসৰণ বৃদ্ধি পায়। এই হৰম’নটোৱেই হৈছে মানসিক চাপৰ প্ৰধান কাৰণ। ফলত সাৰ পোৱাৰ লগে লগে দুই-তিনিকাপ কফি খালে ভাল হোৱাৰ পৰিৱৰ্তে মানসিক চাপ বাঢ়িব পাৰে । শৰীৰত কৰ্টিছলৰ স্বাভাৱিক নিঃসৰণে বিপাকীয় ক্ৰিয়া, ৰক্তচাপ আৰু ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। কিন্তু অত্যধিক নিঃসৰণে হাড়ৰ ক্ষতি কৰিব পাৰে, উচ্চ ৰক্তচাপ, টাইপ ২ ডায়েবেটিছ, আনকি হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে।