সুন্দৰবন সকলোৰে বাবে এক পৰিচিত নাম ৷ এই সুন্দৰবনৰ ৰায়মংগল নদীত শেহতীয়াকৈ উদ্ধাৰ হৈছে রএক বিৰল প্ৰজাতিৰ কাঁইটীয়া মাছ ৷ এই বিৰল প্ৰজাতিৰ মাছ নদীৰ পৰা উদ্ধাৰ হোৱাৰ পিছতেই মাছটো চাবলৈ বহু মানুহৰ হেঁচা থেলা লাগে অঞ্চলটোত ৷ সাগৰত এই মাছ কেতিয়াবা দেখা পোৱা যায় যদিও সুন্দৰবনৰ নদীত ই সহজলভ্য নহয় বুলিয়েই মাছমৰীয়া সকলে কয় ৷ কিন্তু শেহতীয়াকৈ সুন্দৰবনৰ হিংগল গঞ্জৰ ৰায়মংগল নদীত উদ্ধাৰ হ’ল এই বিৰল প্ৰজাতিৰ কাঁইটীয়া মাছ ৷
পশ্চিমবংগৰ এক অন্যতম বৈচিত্ৰ বিশ্ববিখ্যাত সুন্দৰবন অভয়াৰণ্য যি বিভিন্ন পশু-পক্ষীকে আদি কৰি পোক-পতংগ আৰু বিভিন্ন জলচৰ প্ৰাণীৰ বাসস্থান ৷ শীতকালত সুন্দৰবনৰ সেউজীয়া অৰণ্যৰ অপৰূপ সৌন্দৰ্য্য উপভোগ কৰিবলৈ আগমন ঘটে লক্ষ লক্ষ দেশী-বিদেশী পৰ্যটকৰ ৷