বিশ্বকাপ আৰম্ভ হোৱাৰ আগতেই বিশ্ববিশ্ৰুত ফুটবল তাৰকা লিঅ’নেল মেছিয়ে প্ৰকাশ কৰিছিল যে চলিত বর্ষৰ বিশ্বকাপ তেওঁৰ শেষ বিশ্বকাপ হ’ব পাৰে। মঙলবাৰে নিশা ক্ৰ’ৱেছিয়াক হৰুৱাই আৰ্জেণ্টিনাক ফাইনেলত আগুৱাই নিয়াৰ পাছত এইখন বিশ্বকাপৰ অন্তিমখন খেল হ’ব বুলি ঘোষণা কৰে লিয়নেল মেছিয়ে। ছেমি ফাইনেলত ক্ৰ’ৱেচিয়াক ৩-০ গ’লত পৰাস্ত কৰি আৰ্জেণ্টিনাই ফাইনেলত প্ৰৱেশ কৰিছে। মেছিয়ে এটা গ’ল দিয়ে।
১৯৮৬ চনৰ পিছত আৰ্জেণ্টিনাই বিশ্বকাপ জয় কৰিব পৰা নাই। ৩৬ বছৰৰ পাছত আৰ্জেণ্টিনাই পুনৰ বিশ্বকাপ জয়ৰ সুযোগ লাভ কৰিছে। মেছিয়ে কয় যে ফাইনেল মেচখন তেওঁৰ শেষ মেচ। আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰগৰাকীয়ে কয় ‘ফাইনেলত প্ৰৱেশ কৰি তেওঁ অত্যন্ত আনন্দিত ৷ মোৰ বিশ্বকাপ ভ্ৰমণৰ অন্ত পৰিব এই চূড়ান্ত মেচখনৰ জৰিয়তে। পৰৱৰ্তী বিশ্বকাপলৈ বহু দেৰি আছে । মোৰ কাৰণে সেই বিশ্বকাপ খেলাটো সম্ভৱ নহ’ব ৷ এইদৰেই শেষ কৰাটো ভাল হ’ব।”
৩৫ বছৰীয়া মেছিয়ে পঞ্চমবাৰৰ বাবে বিশ্বকাপ খেলি আছে। এই বিশ্বকাপত মেছিয়ে পঞ্চমটো গ’ল দিছে। বিশ্বকাপত তেওঁৰ মুঠ গ’লৰ সংখ্যা হৈছে ১১টা ৷ বিশ্বকাপত এতিয়ালৈকে আৰ্জেণ্টিনাৰ হৈ সৰ্বাধিক গ’ল দিছিল গেব্ৰিয়েল বাটিষ্টুটাই। তেওঁৰ গ’লৰ সংখ্যা হৈছে ১০টা ৷ মেছিয়ে তেওঁক অতিক্ৰম কৰিলে। মেচৰ অন্তত মেছিয়ে কয়, ‘ব্যক্তিগত অভিলেখ ভাল। এনে কৃতিত্ব অর্জন কৰিব পাৰিলে ভাল লাগে ৷কিন্তু আচল কথাটো হ’ল দল হিচাপে জয়ী হোৱা। সেইটোৱেই মূল লক্ষ্য। সেইটো বৰ ধুনীয়া কথা। আৰু এখন মেচ বাকী। আমি বহুত যুঁজিলোঁ। এইবাৰ আমি বিশ্বকাপ জয় কৰিবলৈ আমাৰ সর্ব্বোচ্চ উজাৰি দিম।’
দেওবাৰে দ্বিতীয়খন ছেমি ফাইনেলৰ বিজয়ী দলৰ বিৰুদ্ধে খেলিব আৰ্জেণ্টিনাই। বুধবাৰে নিশা দ্বিতীয়খন ছেমি ফাইনেলত ফ্ৰান্স আৰু মৰক্কোৰ মাজত মুখামুখি হ’ব।