আপুনি হতাশ হৈ পৰিছে নেকি ? আপুনি নিসংগ অনুভৱ কৰে নেকি ? তেনেহ’লে সেয়া কেবল আপোনাৰ মনৰ বাবেই নহয় শৰীৰৰ বাবেও সমানে ক্ষতিকাৰক ৷ শেহতীয়াকৈ এজিং-ইউএছ নামৰ বৈজ্ঞানিক আলোচনীখনত প্ৰকাশিত এক গৱেষণাৰ মতে, দুখ, নিসংগতা বা হতাশাৰ অনুভূতি কেৱল মনটোৰ বাবেই নহয়, শৰীৰৰ বাবেও ক্ষতিকাৰক। লগতে বয়স বৃদ্ধি কৰে। যাৰ বাবে এই হতাশা ধূমপানতকৈও অধিক বেয়া হ’ব পাৰে বুলি গৱেষকসকলে দাবী কৰিছে ৷
দীপ লংজিভিটী (‘Deep Longevity’) নামৰ জৈৱ প্ৰযুক্তি কোম্পানী এটাই এই গৱেষণা চলাইছিল। ষ্টেনফৰ্ড বিশ্ববিদ্যালয় আৰু হংকং বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে কোম্পানীটোৰ বাবে এই অধ্যয়নৰ নেতৃত্ব দিছিল। গৱেষকসকলে মুঠ ১১,৯১৪ গৰাকী চীনা নাগৰিকৰ স্বাস্থ্যৰ ওপৰত এই অধ্যয়ন চলাইছিল ৷ জন্ম তাৰিখ অনুসৰি বিজ্ঞানীসকলে শৰীৰৰ বিভিন্ন অংগৰ অৱস্থা কেনে হ’ব লাগে সেই বিষয়ে সঠিকভাৱে বুজিবলৈ ১৬ টা ‘বায়’মাৰ্কাৰ’ বাছি লৈছিল। সহজ ভাষাত ক’বলৈ গ’লে বায়’মাৰ্কাৰ হৈছে শৰীৰৰ বিভিন্ন অংগৰ কাৰ্যকলাপৰ সূচক। বিজ্ঞানীসকলে ৰক্তচাপ, লিংগ, ওজন আদি ৭টা বায়’মেট্ৰিক সূচকও পৰীক্ষা কৰে।
এই অধ্যয়নৰ মতে, যিসকলে অসুখ বা নিসংগতাত ভুগিছে তেওঁলোকৰ বয়স গড়ে প্ৰকৃত বয়সতকৈ ১.৬৫ বছৰ যেন লাগে বুলি সূচকাংত প্ৰকাশ পাইছে। কেৱল মানসিক ভাগৰেই নহয়, ধূমপানৰ প্ৰভাৱৰ ওপৰতো গৱেষকসকলে অধ্যয়ন কৰিছিল। পৰ্যবেক্ষণ কৰা হৈছে যে যিসকলে নিয়মিতভাৱে ধূমপান কৰে তেওঁলোকৰ প্ৰকৃত বয়সতকৈ ১৫ মাহ বেছি যেন লাগে। আনহাতে যিসকল বিবাহিত আৰু বৈবাহিক জীৱন সুখী তেওঁলোকৰ বয়স প্ৰকৃত বয়সতকৈ ৭ মাহ সৰু যেন লাগিছিল বুলি গৱেষকসকলে দাবী কৰে। এই গৱেষণাৰ ফলাফললৈ চাই বিজ্ঞানীসকলে কয় যে মানসিক স্বাস্থ্যৰ সৈতে সুস্বাস্থ্য কিমান জড়িত সেয়া স্পষ্ট হৈ পৰে ৷ । কিন্তু তেওঁলোকে বিষয়টোৰ বিষয়ে অধিক জানিবলৈ ভৱিষ্যতে আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে ৷