এখন বগা মাৰ্চিডিজ গাড়ীৰে সুৰাৰ দোকানৰ পৰা ঘৰলৈ উভতি আহি আছিল এজন অধিবক্তা। প্ৰস্ৰাৱ কৰিবলৈ তেওঁ গাড়ীখন ৰাস্তাৰ কাষত ৰখাই দিলে। কিন্তু গাড়ীখন ৰখোৱালৈহে যেন ৰৈ আচিল তেওঁৰ বিপদ ৷ পিছফালৰ পৰা ৩জন লোক আহি উকীলজনক বন্দুকেৰে ভাবুকি দিবলৈ আৰম্ভ কৰিলে । ইয়াৰ পিছত চকুৰ পলকতে মাৰ্চিডিজ গাড়ীখন লৈ তিনি দূর্বৃত্তই পলায়ন কৰে। গুৰুগ্ৰামৰ ২৯ নং ছেক্টৰ এলেকাত বৃহস্পতিবাৰে নিশা প্ৰায় ৮.৫০ বজাত সংঘটিত হয় এই ঘটনা। ভুক্তভোগী উকীলজনৰ নাম অনুজ বেদী। অনুজ ছেক্টৰ ২৯ এলেকাৰ স্থানীয় বাসিন্দা ৷ আৰক্ষী থানাত ৩জন লোকৰ বিৰুদ্ধে তেওঁ এজাহাৰ দাখিল কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি অনুজ গুৰুগ্ৰামৰ ছেক্টৰ ৬৬ এলেকাৰ বাসিন্দা। ২৯ নং ছেক্টৰ অঞ্চলৰ এখন সুৰাৰ দোকানৰ পৰা তেওঁ ঘৰলৈ উভতি আহিছিল। তেওঁ প্ৰস্ৰাৱ কৰিবলৈ ৰাস্তাৰ কাষৰ এটা ঠাইত গাড়ীখন ৰখাই ষ্টাৰ্ট বন্ধ নকৰাকৈ গাড়ীৰ পৰা নামি গৈছিল ৷ তেতিয়াই হঠাৎ পিছফালৰ পৰা এখন হুণ্ডাই মডেলৰ গাড়ী তেওঁৰ ওচৰত ৰৈ যায় ৷ গাড়ীখনৰ ভিতৰৰ পৰা ৩ জন লোক নামি আহি অনুজৰ ফালে আগবাঢ়ি যায় আৰু বন্দুক দেখুৱাই মাৰ্চিডিজ গাড়ীখন লৈ পলায় যায় ৷ লগে লগে অনুজে থানাত এজাহাৰ দাখিল কৰে। চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰাৰ লগতে আৰক্ষীয়ে অভিযুক্তৰ সন্ধান বিচাৰি তদন্ত আৰম্ভ কৰিছে ৷