অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ কমিটী ভংগ কৰি অংকিতা নেত্ৰীক সভানেত্ৰী পদৰ পৰা অপসাৰনক লৈ প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে বিসম্বাদৰ ৰাজনীতি ৷ সভাপতি পদৰ পৰা অপসাৰণ কৰাক লৈ অংকিতা দত্তই তীব্ৰ সমালোচনা কৰিছে দলৰ শীর্ষ নেতৃত্বক ৷ যুৱ নেত্ৰী গৰাকীয়ে অভিযোগ কৰিছে যে তেওঁক অপসাৰণ কৰাৰ পূর্বে এই কথা অৱগত কৰা হোৱা নাছিল ৷ কিন্তু সচাকৈয়ে তেওঁক অৱগত কৰা হোৱা নাছিলনে ? সংবাদমাধ্যমৰ সন্মুখত মিছা মাতিছে নেকি অংকিতা দত্তই ? সেয়াও এই মুহুর্ত্তৰ ডাঙৰ প্ৰশ্ন ৷ কিয়নো প্ৰদেশ কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰই সদৰী কৰা অনুসৰি কমিটীখন ভংগৰ পূর্বে অংকিতা দত্তক অৱগত কৰা হৈছিল ৷
ভংগ কৰা কমিটীখনে ইতিমধ্যে তিনিবছৰ অতিক্ৰম কৰিছে ৷ আনকি ক’ভিডৰ বাবে ইয়াৰ কার্যকালৰ ম্যাদ এবছৰ বৃদ্ধি কৰি দিয়া হৈছিল ৷ সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি পূর্বেই এই কমিটীখন ভংগ কৰাৰ কথা আছিল যদিও ভাৰত জোৰো যাত্ৰা অব্যাহত থকাৰ বাবে কমিটীখন ভংগ কৰা হোৱা নাছিল ৷ ধুবুৰীৰ পৰা শদিয়ালৈ কৰা ভাৰত জোৰো যাত্ৰাত যাত্ৰাত যাতে কোনো অসুবিধা নহয়, তাৰ বাবে কমিটীখন ভংগ কৰা হোৱা নাছিল ৷ কিয়নো যুৱ কংগ্ৰেছৰ নির্বাচন এক দীঘলীয়া প্ৰক্ৰিয়া ৷ সেয়েহে ৰজ্যত ভাৰত জোৰো যাত্ৰাৰ সামৰণি পৰাৰ লগে লগে যুৱ কংগ্ৰেছৰ কমিটীখন ভংগ কৰি দিয়া হয় ৷ ইতিমধ্যে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্বাৱধায়কৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নেতা বর্ধন চৌধুৰীয়ে সেই অনুসৰি ১৮ ৰ পৰা ২৭ ডিচেম্বৰলৈ গ্ৰহণ কৰা হ’ব মনোনয়ন পত্ৰ ৷
ইফালে নেতৃবৰ্গৰ প্ৰতি তীব্র ক্ষোভ প্ৰকাশ কৰি অংকিতা দত্তই অসম প্রদেশ যুব কংগ্ৰেছৰ তত্ত্বাবধায়ক বর্ধন চৌধুৰীৰ বিৰুদ্ধে থকা কেলেংকাৰীৰ অভিযোগ আঙুলিয়াই দিয়ে ৷ তেওঁক কিয় যুব কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ দায়িত্ব দিয়া হ’ল বুলিও প্রশ্ন উত্থাপন কৰি অংকিতাই কয় –“ দিল্লী বিশ্ববিদ্যালয়ৰ ৰামযশ কলেজৰ নামভর্ত্তই ৰি কেলেংকাৰীত গ্ৰেপ্তাৰ কৰি এজন ব্যক্তিক জেলত ৰখা হৈছিল। তেওঁক কেনেকৈ অসমৰ দায়িত্ব দিলে? ৰাজীৱ ভবনত সংবাদমেল পাতিবলৈ কোনোবা চোৰ ডকাইত আহিছে। ৰাজীৱ ভৱনে গমে নাপায়৷”
স্বাভাৱিকতে অংকিতা দত্তৰ স্থিতিয়ে ৰহস্যৰ সৃষ্টি কৰিছে ৷ নিজৰ দলৰ নেতৃবৃন্দক কটু ভাষাৰে সমালোচনা কৰা অংকিতা দত্তই নতুন ৰাজনৈতিক দলত যোগদান কৰিব নেকি ? তাক লৈয়ো আৰম্ভ হৈছে চর্চা ৷ অৱশ্যে সময় বাগৰিলেই সকলো স্পষ্ট হৈ পৰিব বুলি আশা কৰা হৈছে ৷