প্ৰিয় দলৰ খেল চাই থকা অৱস্থাত উত্তেজনাত অনুৰাগীৰ মৃত্যু হোৱা ঘটনাৰ অলেখ উদাহৰণ আছে । দেশতেই হওক বা বিদেশতেই হওক, এনে ঘটনা কেইবাবাৰো সংঘটিত হৈছে। কিন্তু চিনেমা চাই থাকোঁতে উত্তেজনাত দর্শকৰ মৃত্যু হোৱা ঘটনা সাধাৰণ নহয় ৷ কিন্তু এইবাৰ অন্ধ্ৰ প্ৰদেশৰ কাকিনাৰা জিলাত সংঘটিত হ’ল এনে এক ঘটনা ৷শেহতীয়াকৈ মুক্তি পোৱা ‘অৱতাৰ ২’ ছবিখন উপভোগৰ সময়তে এজন দর্শকৰ মৃত্যু হয় । মৃত লোকজনৰ নাম লক্ষ্মীৰেদ্দি শ্ৰীণু পেদ্দাপুৰম ৷
ছবিখন চাবলৈ লক্ষ্মীৰেদ্দি শ্ৰীণু পেদ্দাপুৰমৰ এটা হললৈ গৈছিল। ভাতৃ ৰাজুৰ সৈতে তেওঁ ছবিখন উপভোগ কৰিবলৈ গৈছিল । চিনেমাখনৰ মাজতে হঠাতে লক্ষ্মী হৃদৰোগত আক্ৰান্ত হয়। লগে লগে তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
প্ৰসংগক্ৰমে ২০১০ চনত এনে এটা ঘটনা সংঘটিত হৈছিল। সংবাদ সংস্থা এ এফ পিৰ বাতৰি অনুসৰি সেই বছৰ ‘অৱতাৰ ১’ মুক্তি পোৱাৰ পিছত টাইৱানৰ এজন ব্যক্তিয়ে ছবিখন চাবলৈ গৈছিল। লক্ষ্মীৰ দৰে চিনেমাখনৰ মাজভাগতে হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। পিছত চিকিৎসকে জনোৱা মতে লোকজনৰ উচ্চ ৰক্তচাপৰ সমস্যা আছিল । চিনেমা চাই থাকোঁতে চৰম উত্তেজনাত তেওঁৰ মৃত্যু হয়।
অৱশ্যে অন্ধ্ৰ প্ৰদেশৰ লক্ষ্মীৰ গোচৰত তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। কেৱল সেয়াই নহয়, লক্ষ্মীৰ আন কোনো শাৰীৰিক অসুখ আছিল নেকি সেইটো জানিবলৈ চেষ্টা চলোৱা হৈছে।