আঘাতৰ বাবে কাটাৰ বিশ্বকাপত খেলিব পৰা নাই পল প’গবাই। ৰাছিয়াত অনুষ্ঠিত হোৱা যোৱা বিশ্বকাপত ফ্ৰান্সে ট্ৰফী জয়ৰ আঁৰৰ অন্যতম মূল ব্যক্তি আছিল তেওঁ। সেই মিডফিল্ডাৰজনৰ অবিহনে এইবাৰ ফ্ৰান্সে ফাইনেলত প্ৰৱেশ কৰে। খেলপথাৰত থাকিব নোৱাৰিলেও প’গবাই সতীৰ্থসকলৰ ওচৰত থাকি তেওঁ উৎসাহ দিব বিচাৰিছিল ৷ গেলেৰীত বহি ফ্ৰান্স বনাম আৰ্জেণ্টিনাৰ মেচ চাব বিচাৰিছিল। কিন্তু সেয়া সম্ভৱ নহ’ব।
মানচেষ্টাৰ ইউনাইটেডৰ প্ৰাক্তন ফুটবলাৰগৰাকীয়ে জুভেন্টাছত যোগদান কৰিছে। ইটালীৰ ক্লাবত যোগদান কৰাৰ পিছতহে পগবাৰ আঘাতৰ কথা জানিব পৰা গৈছিল। সেই আঘাত ইমানেই ডাঙৰ যে তেওঁ বিশ্বকাপত খেলিব নোৱাৰিলে। তেওঁৰ অবিহনে দলটো কাটাৰলৈ গৈছিল। প’গবাই গেলেৰীত বহি ফ্ৰান্সৰ খেল চাব বিচাৰিছিল। কিন্তু প’গবাই বিশ্বকাপৰ ফাইনেল চোৱাৰ অনুমতিও নাপালে। তেওঁৰ ক্লাবে উল্লেখ কৰিছে যে প’গবাৰ বাবে বিমানেৰে ইমানদূৰ যাত্ৰা কৰাটো সম্ভৱ নহয়। তাৰ বাবেই তেওঁক কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ফাইনেল চাবলৈ যাবলৈ দিয়া নহ’ল।
নিজে খেলিবলৈ যাব নোৱাৰিলেও প’গবাই সতীৰ্থসকলক উদ্দ্যেশি কয় “মই তোমালোকৰ লগত আছো। মই তোমাক মোৰ সকলো শক্তি দিব বিচাৰো। মই সদায় দলৰ লগত আছো। এইটো মোৰ দল।” যোৱা ছেপ্টেম্বৰ মাহত পগবাই আঁঠুত আঘাত পাইছিল। যাৰ বাবে তেওঁৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল। বিশ্বকাপৰ পূৰ্বে তেওঁ সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছিল। কিন্তু নহ’ল। চিকিৎসকে কৈছে যে প’গবাক ফুটবল খেলিবলৈ আৰু কেইটামান দিনৰ প্ৰয়োজন হ’ব। সম্পূৰ্ণ সুস্থ হোৱাৰ আগতে যদি খেলপথাৰত প্ৰৱেশ কৰে তেন্তে তেওঁৰ বহুত ক্ষতি কৰিব পাৰে। গতিকে নৱেম্বৰ মাহত জুভেন্টাছ দলত যোগদান কৰা বা দেশৰ বাবে বিশ্বকাপ খেলা পগবাৰ বাবে সম্ভৱপৰ হৈ নুঠিল ৷