বিশ্বকাপ ফাইনেলত ৩৬ বছৰৰ অপেক্ষাৰ অন্ত পেলাই খিতাপ দখল কৰিলে আর্জেণ্টিনাই ৷ শেষলৈকে অত্যন্ত ৰোমাঞ্চকৰ হৈ পৰা মেচখনত পৰাজয়বৰণ কৰিলেও মেছিৰ সমান্তৰালভাৱে নায়কত পৰিণত হৈছে ফ্ৰান্সৰ তাৰকা ফুটবলাৰ কিলিয়ান এমবাপে ৷
চমকপ্ৰদ কৌশলৰ লগতে এইগৰাকী তাৰকাই কৰা ৰেকর্ডে কিংবদন্তী বহু ফুটবলাৰৰ ৰেকর্ড অতিক্ৰম কৰিবলৈ হয়তো আৰু বহু বেছি সময়ৰ প্ৰয়োজন নহ’ব ৷ কাটাৰ বিশ্বকাপত গ’ল্ডেন বুট লাভ কৰা এমবাপেৰ কেৰিয়াৰৰ দুখন বিশ্বকাপত তেওঁ মুঠ ১২টা গ’ল কৰিবলৈ সক্ষম হৈছে । এতিয়াও তেওঁতকৈ আগত আছে মাত্ৰ ৫ জন খেলুৱৈ ৷ এমবাপে যি গতিৰে আগবাঢ়িছে, হয়তো পৰৱৰ্তী বিশ্বকাপত এই সকলো খেলুৱৈকে অতিক্ৰম কৰিব। বিশ্বকাপৰ সৰ্বাধিক গ’লদাতা হিচাপে অভিলেখ ৰচনা কৰিবলৈ এমবাপেই আৰু হয়তো বহুদিন ৰ’বলগীয়া নহ’ব ৷
২০১৮ চনৰ বিশ্বকাপত প্ৰথমবাৰৰ বাবে ৪টা গ’ল দিছিল এমবাপে। এইবাৰ তেওঁ ৮টা গ’ল দিয়ে। পেলেৰ সৈতে বিশ্বকাপৰ গ’লদাতাৰ তালিকাত তেওঁ যৌথভাৱে পঞ্চম স্থানত আছে। তেওঁৰ ঠিক ওপৰত আছে লিয়নেল মেছি আৰু ফ্ৰান্সৰ জিন ফাণ্টে। তেওঁলোকৰ গ’লৰ সংখ্যা ১৩টা। জাৰ্মান গাৰ্ড মুলাৰে দিছিল ১৪টা গ’ল। দ্বিতীয় স্থানত আছে ব্ৰাজিলৰ ৰোনাল্ডো নাজাৰিয়া। তেওঁ ১৫টা গ’ল দিয়ে। শীৰ্ষত আছে জাৰ্মানীৰ মিৰ’স্লাভ ক্ল’জ। তেওঁৰ গ’লৰ সংখ্যা ১৬টা।
অৰ্থাৎ ক্ল’জৰ নজিৰ ভংগ কৰিবলৈ এমবাপে পৰৱৰ্তী বিশ্বকাপত আৰু পাঁচটা গ’ল দিয়াৰ প্ৰয়োজন। এতিয়া তেওঁৰ বয়স মাত্ৰ ২৩ বছৰ। তেওঁ আগন্তুক তিনিখন বিশ্বকাপ খেলাৰ সুযোগ লাভ কৰাটো নিশ্চিত ।
এইবাৰ বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাৰ নিয়ন্ত্ৰণৰ পৰা মেচখন প্ৰায় কাঢ়ি লৈ যায় এমবাপেই। যোৱাবাৰ তেওঁ বিশ্বকাপৰ ফাইনেলত এটা গ’ল দিছিল। য’ত জয়লাভ কৰে দেশখনে। ফাইনেলত এইবাৰ তেওঁ হেট্ৰিক অৰ্জন কৰে। ১৯৬৬ চনত ইংলেণ্ডৰ জিঅফ হাৰ্ষ্টৰ পিছত মাত্ৰ দ্বিতীয়বাৰৰ বাবে ফাইনেলত এই কৃতিত্ব অৰ্জন কৰা ফুটবলাৰ হৈছে এমবাপে । এইবাৰ বিশ্বকাপত ৮টা গ’ল দি সোণালী বুট এমবাপেৰ দখলত। কিন্তু তাৰ পিছতো তেওঁ কান্দি কান্দি খেলপথাৰ এৰিবলগীয়া হ’ল ৷ অৱশ্যে যোৱাৰ পূৰ্বে তেওঁ বুজাই দিয়ে যে অনাগত দিনত বিশ্ব ফুটবল মঞ্চত অকলে থিয় দিব ফ্ৰান্সৰ ষ্ট্ৰাইকাৰগৰাকী। দ্বিতীয়খন বিশ্বকাপতে এমবাপে বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈৰ তালিকাত প্ৰৱেশ কৰে।