ভাৰতক পুনৰ গৌৰৱান্বিত কৰি বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে ফিফা ট্ৰফী উন্মোচন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে। ছুপাৰষ্টাৰ তথা ভাৰতৰ সৰ্ববৃহৎ গ্লোবেল এম্বেছাদৰগৰাকীয়ে ফিফা বিশ্বকাপৰ লুছাইল ষ্টেডিয়ামত উন্মোচন কৰে।
৬.১৭৫ কিলোগ্ৰাম ওজনৰ আৰু ১৮ কেৰেট সোণ আৰু মেলাচাইটেৰে নিৰ্মিত এই ট্ৰফী উন্মোচন মেচৰ পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠানৰ এক অতি গুৰুত্বপূৰ্ণ অংশ ৷ ফিফাৰ কিংবদন্তি আৰু প্ৰাক্তন ফুটবলাৰ ইকাৰ কেচিলাছ ফাৰ্নাণ্ডেজৰ সৈতে দীপিকাই ট্ৰফী মুকলি কৰি পুনৰ এবাৰ ভাৰতক আন্তঃৰাষ্ট্ৰীয় পর্যায়ত গৌৰৱান্বিত কৰিলে ৷
বগা চাৰ্ট, বাদামী ৰঙৰ অভাৰকোট, ক’লা বেল্ট পৰিধান কৰি যোৱা ছুপাৰষ্টাৰগৰাকীয়ে সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয় ৷ কেৰিয়াৰৰ কালছোৱাত ছুপাৰষ্টাৰ দীপিকা পাডুকনে ভাৰতক বহুবাৰ গৌৰৱান্বিত কৰিছে ৷ সন্মানীয় কাঁ চলচ্চিত্ৰ মহোৎসৱত তেওঁ জুৰীৰ সদস্য হিচাপে নির্বাচিত হৈছিল ৷ ‘গোল্ডেন ৰেচিঅ’ অৱ বিউটি’ অনুসৰি বিশ্বৰ শীৰ্ষ ১০ গৰাকী ধুনীয়া মহিলাৰ তালিকাত একমাত্ৰ ভাৰতীয় হিচাপে দীপিকা পাডুকনে স্থান লাভ কৰিছে ৷ দুবাৰৰ টাইম মেগাজিনৰ বঁটা লাভ কৰিছে অভিনেত্ৰী গৰাকীয়ে ৷