ত্ৰিশ বছৰ হোৱাৰ আগতে বলীউডৰ নায়িকাই বিয়াত বহাৰ উদাহৰণ বহু কম ৷ বিশেষকৈ সেই সময়ত কেৰিয়াৰৰ সর্বোচ্চ পর্যায়ত থকাৰ বাবে অভিনেত্ৰীসকলে বিয়াত বহিবলৈ অমান্তি প্ৰকাশ কৰে ৷ কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম আছিল অনুষ্কা শর্মা ৷ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলিৰ সৈতে তেওঁ ২৯ বছৰতে বিয়াত বহিছিল ৷ কিন্তু কিয় তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ? বিৰাটৰ মহিলা অনুৰাগীৰ সংখ্যা বেছি কাৰণে মন পিচলিব বুলি ভয় খাইছিল নেকি অনুষ্কা ? নে আন কাৰণত খৰখেদাকৈ বিয়াত বহিছিল বিৰাট-অনুষ্কা ? সেই কথা নিজে প্ৰকাশ কৰিলে অভিনেত্ৰী গৰাকীয়ে ৷
নতুন ছবিৰ প্ৰচাৰলৈ আহি অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ বিৰাটৰ প্ৰেমত পৰিছিল। যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ অনুষ্কাই কয় – “ছোৱালীৰ বিবাহ বয়সৰ বিষয়ে মানুহৰ ধাৰণা বেলেগ বেলেগ। মোৰ বিয়াৰ ২৯ বছৰত হৈছিল ৷সাধাৰণতে অভিনেত্ৰী সকলে অলপ বেছি বয়সত বিয়া পাতে। কিন্তু মোৰ খৰখেদা হৈছিল, কাৰণ মই প্ৰেমত পৰিছিলো। এতিয়াও সেই প্ৰেম আছে ৷ “
অনুষ্কাইও কয় যে স্বামী-স্ত্ৰী একেলগে সুখী হোৱা দেখি ভাল লাগে। তেওঁ আৰু বিৰাটেও সুখী হ’ব বিচাৰিছিল। অনুষ্কাইও কয় যে কম বয়সতে বিয়াৰ সিদ্ধান্ত সঠিক আছিল। মাতৃ হোৱাৰ পিছত অনুষ্কাই কিছু সময়ৰ বাবে বিৰতি লৈছিল। ইয়াৰ পিছত ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ জীৱনভিত্তিক ছবিৰ মুখ্য ছবিত অভিনয় কৰে অনুষ্কাই ৷ অতি সোনকালে নেটফ্লিক্সত মুক্তি পাব ঝুলনৰ বায়’পিক ‘চাকদে এক্সপ্ৰেছ’।
চলিত বৰ্ষৰ ১১ ডিচেম্বৰত বিৰাট-অনুষ্কাৰে বিবাহৰ ৫ বছৰ সম্পূৰ্ণ হ’ল ৷ইতিমধ্যে তেওঁলোকৰ সংসাৰলৈ আহিছে এটি কন্যা সন্তান ৷ ডেৰ বছৰীয়া কন্যাক লৈ ব্যস্ত বিৰাট- অনুষ্কা ৷