বিশ্বৰ ভিতৰতে খাদ্যৰ ক্ষেত্ৰত হয়তো ভাৰত এখন আগৰণুৱা দেশ ৷ ভাৰতীয় সকলৰ টেঙা ,মিঠা,তিতা,কেঁহা বিভিন্ন স্বাদৰ বিভিন্ন খাদ্য আছে ৷ কিন্তু শেহতীয়াকৈ ভাৰতীয় সকলৰ প্ৰিয় খাদ্যৰ তালিকাত শীৰ্ষ স্থান লাভ কৰিছে পপকৰ্ন আৰু ছিঙৰাই ৷ আইন’ক্স ফুড ৰিপ’ৰ্টৰ তথ্য অনুসৰি ২০২২ বৰ্ষত চলচিত্ৰ গৃহলৈ যাওঁতে দৰ্শক সকলে গ্ৰহণ কৰা মুঠ পপকৰ্নৰ পৰিমাণ আছিল ৮৬৩ মেট্ৰিকটন ৷ তেওঁলোকৰ এই তথ্য অনুসৰি ভাৰতীয় সকলে খোৱা সকলো পপকৰ্ন টাব যদি একেলগে ৰখা হয় তেন্তে ইয়াৰ উচ্চতাই পৃথিৱীৰ সীমা অতিক্ৰম কৰিব ৷ কিল’মিটাৰ হিচাপত ই হ’ব ১,০৩২কিল’মিটাৰ ৷ আনহাতে তথ্য অনুসৰি চলিত বৰ্ষত ভাৰতীয় সকলে ১৯.৩৮লাখটা ছিঙৰা ক্ৰয় কৰিছিল ৷ আনহাতে ভাৰতীয় লোকসকলে ক্ৰয় কৰা ক’কৰ পৰিমাণ আছিল ৩৮.১৫ লাখ লিটাৰ ৷ ইয়াৰে সৰ্বাধিক সংখ্যক ক’ক বিক্ৰী হৈছে ক’লকাতাত ৷ ইফালে খাদ্য তালিকাৰ মিঠা খাদ্যৰ তালিকাত স্থান পাইছে আইচ-ক্ৰীম,ব্ৰাউনী,ড’নাট ইত্যাদিয়ে ৷