VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰামদেৱৰ পতঞ্জলি কোম্পানীকে ধৰি ১৬টা ভাৰতীয় ঔষধ কোম্পানীক ব্লেকলিষ্ট নেপালৰ, কিয় ল’লে এই সিদ্ধান্ত ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 21, 2022
in মুখ্য সংবাদ
ৰামদেৱৰ  পতঞ্জলি কোম্পানীকে ধৰি ১৬টা ভাৰতীয় ঔষধ কোম্পানীক ব্লেকলিষ্ট নেপালৰ, কিয় ল’লে এই সিদ্ধান্ত ?
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

নেপালত ব্লেকলিষ্ট কৰা হৈছে ১৬টা ভাৰতীয় ঔষধ কোম্পানীয়ে নিৰ্মাণ কৰা সামগ্ৰী। সেই তালিকাত আছে ৰামদেৱৰ দিব্য ফাৰ্মাচী। দিব্য ফার্মাচীয়ে পতঞ্জলিৰ নামত ঔষধ বিক্ৰী কৰি আহিছে । নেপালৰ ঔষধ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই জনোৱা মতে, সেই কোম্পানীসমূহে বিশ্ব স্বাস্থ্য সংস্থাৰ মানদণ্ড পূৰণ কৰাত ব্যৰ্থ হয়। গতিকে তেওঁলোকক ব্লেকলিষ্ট কৰা হ’ল।

যোৱা ১৮ ডিচেম্বৰত নেপালৰ ‘ড্ৰাগছ প্ৰশাসন’ বিভাগে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছিল। ইয়াৰ জৰিয়তে স্থানীয় ব্যৱসায়ীসকলক অতি সোনকালে ঔষধসমূহ ওভতাই দিবলৈ নিৰ্দেশ দিয়া হৈছে। অধিসূচনা অনুসৰি ব্লেকলিষ্ট কৰা ভাৰতীয় কোম্পানীয়ে প্ৰস্তুত কৰা ঔষধ আমদানি বা বিতৰণ কৰিব নোৱাৰিব।

নেপালী প্ৰশাসনৰ সূত্ৰ অনুসৰি যোৱা এপ্ৰিল আৰু জুলাইত নেপালৰ পৰা বিশেষজ্ঞৰ এটা দলে ভাৰত ভ্ৰমণ কৰিছিল। ভাৰতৰ কেইবাটাও ঔষধ কোম্পানীয়ে নেপাললৈ ঔষধ ৰপ্তানি কৰিব বিচাৰিছিল। দলটোৱে ঔষধ নিৰ্মাণ কোম্পানীসমূহৰ ভিতৰত সোমাই সমগ্ৰ বিষয়টোৰ তদন্ত কৰে। তেওঁ প্ৰত্যক্ষভাৱে জানিব বিছাৰিছিল যে বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা মানদণ্ডসমূহ সঠিকভাৱে ৰক্ষা কৰা হৈছে নে নাই। ইয়াৰ পিছত ডিচেম্বৰৰ মাজভাগত নেপালে ব্লেকলিষ্ট প্ৰকাশ কৰে।

ৰামদেৱৰ কোম্পানীটোৰ উপৰিও ব্লেকলিষ্টত ভাৰতৰ ৰেডিয়েণ্ট পেৰেণ্টেৰেলছ লিমিটেড, মাৰ্কিউৰি লেবৰেটৰীজ লিমিটেড, এলায়েন্স বায়’টেক, জি লেবৰেটৰীজ, কেডিলা হেল্থকেয়াৰ লিমিটেড, জিএলএছ ফাৰ্মা, আইপিচিএ লেবছকে ধৰি আন কেইবাটাও ভাৰতীয় ঔষধ কোম্পানী অন্তৰ্ভুক্ত কৰা হৈছে।

একেদৰে নেপালৰ ঔষধ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই ১৯ ডিচেম্বৰত জাৰি কৰা আন এক অধিসূচনাত গ্ল’বেল হেল্থকেয়াৰ অৱ ইণ্ডিয়াৰ ৫০০ মিলিলিটাৰ আৰু ৫ লিটাৰৰ হেণ্ড চেনিটাইজাৰ পুনৰ আহ্বান কৰাৰ নিৰ্দেশ দিয়া হৈছে। বিভাগে স্পষ্ট কৰি দিছে যে এই ব্ৰেণ্ডৰ হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ, বিক্ৰী বা যোগান ধৰিব নোৱাৰিব।

Previous Post

২০২২ বৰ্ষত চলচিত্ৰ গৃহলৈ যাওঁতে ভাৰতীয় দৰ্শকে গ্ৰহণ কৰা মুঠ পপকৰ্নৰ পৰিমাণ কিমান জানেনে?

Next Post

ডঃ অভিজিৎ দত্তলৈ ‘একাডেমিক এক্সিলেন্স বঁটা’

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
ডঃ অভিজিৎ দত্তলৈ ‘একাডেমিক এক্সিলেন্স বঁটা’

ডঃ অভিজিৎ দত্তলৈ ‘একাডেমিক এক্সিলেন্স বঁটা’

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7