এইবাৰ চাইকেলেৰে আফ্ৰিকা দ্বীপৰ সৰ্বোচ্চ শৃংগ কালিমঞ্জাৰো আৰোহণ কৰি অভিলেখ সৃষ্টি কৰিলে উত্তৰাখণ্ডৰ এইগৰাকী পাহাৰীয়া কন্যাই ৷ পাহাৰৰ সকলো ৰক্ষণশীলতা আৰু পুৰণি বিশ্বাস ভংগ কৰি পাহাৰৰ ছোৱালীৰ বাবে এক অভিলেখ আৰু আদৰ্শ স্থাপন কৰিলে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ টেভডি গাঁৱৰ প্ৰীতি নেগীয়ে আৰু এই কথা প্ৰমাণ কৰিলে যে মনৰ ইচ্ছা থাকিলে একো কামেই অসম্ভৱ নহয় । পাকিস্তানৰ সমৰ খানৰ বিশ্ব অভিলেখ ভংগ কৰি ইতিহাস ৰচনা কৰিলে প্ৰীতি নেগীয়ে।
মাত্ৰ ৩ দিনৰ ভিতৰতে আফ্ৰিকা দ্বীপৰ সৰ্বোচ্চ শৃংগ কালিমঞ্জাৰো পৰ্বতত চাইকেলেৰে সফলতাৰে আৰোহণ কৰি অভিলেখ ভংগ কৰিছে ৰুদ্ৰপ্ৰয়াগ জিলাৰ টেভডি গাঁৱৰ প্ৰীতি নেগীয়ে। ইয়াৰ পূৰ্বে ৪ দিনত চাইকেলেৰে এই সৰ্বোচ্চ শৃংগ জয় কৰাৰ অভিলেখ গঢ়িছিল পাকিস্তানৰ সমৰ খানে।
প্ৰীতিয়ে ২০২২ চনৰ ১৮ ডিচেম্বৰ তাৰিখে ৩ দিনত চাইকেলেৰে এই কঠিন শিখৰত সফলতাৰে আৰোহণ কৰি সমৰ খানৰ পূৰ্বৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় ।