ঋষভ পন্ত কিমান দিনৰ ভিতৰত সুস্থ হৈ উঠিব সেয়া নিশ্চিতভাৱে প্ৰকাশ কৰা নাই চিকিৎসকে। তেওঁৰ সোঁ ভৰিৰ আঁঠুৰ লিগামেণ্টৰ অস্ত্ৰোপচাৰ সফল হয়। সোঁ ভৰিৰ গোৰোহাতো অস্ত্ৰোপচাৰ কৰা হৈছে। অৱশ্যে মুম্বাই হাস্পতাল কৰ্তৃপক্ষই পন্তৰ খেলপথাৰলৈ ঘূৰি অহাৰ সন্দৰ্ভত কোনো মন্তব্য দিবলৈ ইচ্ছুক নহয়।
কেইদিনমান পিছত ডাক্তৰে তেওঁক খোজ কঢ়াবলৈ চেষ্টা কৰিব। যদি তেওঁ খোজ কাঢ়িব পাৰে তেনেহ’লে তেওঁৰ সুস্থ হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷ মুম্বাইৰ চিকিৎসালয়খনে কয় , “যদি তেওঁ খোজ কাঢ়িব পাৰে, তেন্তে চিকিৎসকে পন্তৰ আৰোগ্যৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। প্ৰথমে তেওঁ আনৰ সহায়ত খোজ কাঢ়িব লাগিব। ইয়াৰ পিছত কোনো ধৰণৰ সহায় নোহোৱাকৈ খোজ কাঢ়িব পাৰিব। সম্পূৰ্ণ সুস্থ হ’বলৈ তেওঁক বিশেষ পদ্ধতিৰ প্ৰয়োজন।” পন্তৰ আঁঠুৰ দুয়োটা লিগামেণ্ট ক্ষতিগ্ৰস্ত হোৱাৰ বাবে চিকিৎসকসকল চিন্তিত হৈ পৰিছে । অস্ত্ৰোপচাৰ সফল হ’লেও তেওঁ কিমান দিন স্বাভাৱিকভাৱে খোজ কাঢ়িব পাৰিব সেই বিষয়ে আশ্বাস দিবলৈ সাজু নহয় চিকিৎসক।
চিকিৎসালয়খনৰ মতে, “পন্তৰ আৰোগ্যৰ সময় নিৰ্ভৰ কৰিব তেওঁ কিমান কষ্ট সহ্য কৰিব পাৰে তাৰ ওপৰত।এজন উইকেটকীপাৰৰ দুয়োটা লিগামেণ্ট ক্ষতিগ্ৰস্ত হোৱাটো অতি চিন্তনীয়।এই লিগামেণ্টে আঁঠুৰ গাঁঠিৰ স্থিৰতা বজাই ৰাখে। দুয়োটা লিগামেণ্ট ফাটি যোৱাৰ অৰ্থ হ’ল আঘাত অধিক গুৰুতৰ। সুস্থ হ’বলৈ বহু সময় লাগিব।” যুৱ ক্ৰিকেটাৰগৰাকী এতিয়া কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালৰ ক্ৰীড়া বিজ্ঞান আৰু সুস্থতা বিভাগৰ মুৰব্বী বৈভৱ দগাৰ অধীনত চিকিৎসাধীন হৈ আছে। তেওঁ কয়, ‘এচিএলৰ আঘাতৰ পৰা সুস্থ হ’বলৈ সাধাৰণতে ছয়ৰ পৰা ন মাহ সময় লাগে। ইয়াৰ পিছত আমি পৰিস্থিতি বিবেচনা কৰি খেলপথাৰলৈ উভতি যাবলৈ অনুমতি দিওঁ। যদি এম চি এলৰ ক্ষতি হয় তেন্তে ভাল হ’বলৈ তিনি-চাৰি মাহ সময় লাগে। অস্ত্ৰোপচাৰ কেনেকৈ হৈছিল তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। এই ক্ষেত্ৰত অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ দক্ষতা গুৰুত্বপূৰ্ণ।”
ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপলৈকে পন্তে খেলাৰ সম্ভাৱনা নাই। অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপক লৈও তেওঁ অনিশ্চিত।৩০ ডিচেম্বৰৰ নিশা দিল্লীৰ পৰা ৰুৰকীলৈ পথেৰে ঘৰলৈ উভতি অহাৰ সময়ত পন্তৰ গাড়ীখনে দুৰ্ঘটনাগ্ৰস্ত হয়। ভাৰতীয় উইকেটকীপাৰ বেটছমেনগৰাকীক প্ৰথমে স্থানীয় উদ্ধাৰকাৰীয়ে ৰুৰকীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰিছিল। পিছত তেওঁক ডেৰাডুনৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এয়াৰ এম্বুলেন্সৰে মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে।