আজি গুৱাহাটী উজান বজাৰস্থিত যোৰপুখুৰী উদ্যান উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্য চৰকাৰৰ পদক্ষেপ আৰু অমৃত অভিযানৰ অধীনত ৩.২৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা উদ্যানখনে নিশ্চিতভাৱে দৰ্শনাৰ্থীসকলক আকৰ্ষণ কৰাৰ লগতে এক সজীৱ অভিজ্ঞতা প্ৰদান কৰিব।
উদ্যানখন উদ্বোধন কৰি ৰাজ্যৰ মুখ্যমন্ত্রী গৰাকীয়ে মত পোষণ কৰে যে আগন্তুক সময়ছোৱাত শাসনাধিস্থিত চৰকাৰখনে গুৱাহাটীক এখন সর্বাংগসুন্দৰ চহৰলৈ ৰূপান্তৰিত কৰিবলৈ অধিক পদক্ষেপ গ্ৰহণ কৰাৰ লগতে উদ্যানখনে গুৱাহাটীবাসীৰ আশা-আকাংক্ষা পূৰণ কৰিব ।