বৰ্তমান সময়ত বহুল ভাৱে চৰ্চিত হৈছে দক্ষিণ ভাৰতীয় চিনেমাৰ দেৱতা বুলি অভিহিত ৰজনীকান্তৰ এটা বক্তব্য । তেওঁ নিজেই এই কথা প্ৰকাশ কৰিছে যে এটা সময়ত তেওঁ চিগাৰেট, মদ ,মাংসৰ প্ৰতি আসক্ত হৈ পৰিছিল।
২৬ জানুৱাৰীত তামিল নাট ‘চাৰুকেছি’ উদযাপনৰ সময়ত ৭২ বছৰীয়া ৰজনীকান্তক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছিল। উক্ত অনুষ্ঠানত অভিনেতা গৰাকীয়ে নাটখনৰ পৰিচালক তথা অভিনেতা ৱাই. জি. মহেন্দ্ৰনৰ প্ৰশংসা কৰাৰ লগতে তেওঁক ধন্যবাদ জ্ঞাপন কৰে ।
ৰজনীকান্তে কয় যে তেওঁ ৱাই জি মহেন্দ্ৰনৰ ওচৰত সদায় ঋণী হৈ থাকিব কাৰণ তেওঁৱেই অভিনেতা গৰাকীক পত্নী লতাৰ সৈতে চিনাকি কৰাই দিছিল। যেতিয়া তেওঁ এজন কণ্ডাক্টৰ আছিল তেতিয়া তেওঁ প্ৰতিদিনেই মদ আৰু চিগাৰেট সেৱন কৰিছিল ৷ তেওঁৰ দিনটো আৰম্ভ হৈছিল আমিষ খাদ্যৰে। দিনটোত অন্ততঃ দুবাৰকৈ আমিষ খাদ্য খাইছিল তেওঁ। তেওঁ পুনৰ কৈছিল যে আগতে নিৰামিষভোজী মানুহক দেখি তেওঁৰ বেয়া লাগিছিল। কিন্তু এতিয়া তেওঁ এই কথা উপলব্ধি কৰে যে মদ, চিগাৰেট আৰু আমিষ খাদ্য এই তিনিওটাই এটা মাৰাত্মক সংমিশ্ৰণ।
ৰজনীকান্তে বিশ্বাস কৰে যে এই তিনিওটা দীৰ্ঘদিন সেৱন কৰা ব্যক্তি ৬০ বছৰ বয়সৰ পিছত সুস্থ হৈ থাকিব নোৱাৰে।তেওঁৰ জীৱনটো প্ৰেমেৰে সজাই তেওঁক সলনি কৰিছিল তেওঁৰ পত্নীয়ে। অনুশাসনৰ মাজেদি জীৱনটো কেনেকৈ জীয়াই থাকিব লাগে শিকাইছিল সেয়াও তেওঁক শিকাইছিল পত্নী লতাই ৷
১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰীত অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিত লতা ৰঙাচাৰীৰ সৈতে ৰজনীকান্তৰ বিবাহ হয় । উল্লেখনীয় যে চেন্নাইৰ ইথিৰাজ কলেজ ফৰ উইমেনৰ ছাত্ৰী লতা ৰঙাচাৰীয়ে বিবাহৰ পূৰ্বে কলেজৰ এখন আলোচনীৰ বাবে ৰজনীকান্তৰ এটি সাক্ষাৎকাৰ লৈছিল।
ৰজনীকান্ত আৰু লতাৰ দুগৰাকী কন্যা ঐশ্বৰ্য ৰজনীকান্ত আৰু সৌন্দৰ্য ৰজনীকান্ত। সৌন্দৰ্য্যই তামিল চলচ্চিত্ৰ উদ্যোগত পৰিচালক, প্ৰযোজক আৰু গ্রাফিক্স ডিজাইনাৰ হিচাপে কাম কৰে।
জনপ্ৰিয় অভিনেতাগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল ২০২১ চনত মুক্তি পোৱা তামিল ছবি ‘আন্নথে’ত। তেওঁৰ আগন্তুক ছবি ‘জেলাৰ’ যি চলিত বৰ্ষতে মুক্তি লাভ কৰিব বুলি আশা কৰা হৈছে যদিও বৰ্তমান ছবিখনৰ আনুষ্ঠানিক মুক্তিৰ তাৰিখ প্ৰকাশ কৰা হোৱা নাই।