আমি ইতিমধ্যে জানো যে এইবাৰ অতি শীঘ্ৰেই বিশ্বব্যাপী আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে ওৱানপ্লাছ ১১ ,৫জি, ওৱানপ্লাছ ১১আৰ ৫জি, ওৱানপ্লাছ বাডছ প্ৰ’২, ওৱানপ্লাছ টিভি ৬৫ কিউ২ প্ৰ’ আৰু ওৱানপ্লাছ কিবৰ্ড ৷ ভাৰতত ৭ ফেব্ৰুৱাৰীত মুকলি কৰাৰ লগতে এতিয়া অ’প’(Oppo) চাব-ব্ৰেণ্ডে প্ৰকাশ কৰিছে যে পূৰ্বে উল্লেখ কৰা ডিভাইচসমূহৰ সৈতে যোগ হ’ব ওৱানপ্লাছ পেড (OnePlus Pad)আৰু ওৱানপ্লাছ (OnePlus )ৰ প্ৰথম টেবলেট ।
ওৱানপ্লাছ পেডৰ সন্দৰ্ভত ২০২১ চনৰ পৰাই উৰাবাতৰি চলি আহিছে যদিও অৱশেষত, ৭ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে মুক্তি লাভ কৰিব ৱানপ্লাছ পেডে ৷ ৱানপ্লাছ টিভি ৬৫ কিউ২ প্ৰ’ৰ দৰেই গ্ৰাহক সকলৰ বাবে আদৰণীয় হ’ব ওৱানপ্লাছৰ প্ৰথম টেবলেটটোও ।
ওৱানপ্লাছে ইয়াৰ অফিচিয়েল ‘ক্লাউড ১১’ ইভেণ্ট মাইক্ৰ’ ছাইটত শ্বেয়াৰ কৰা প্ৰ’ম’ ৰেণ্ডাৰৰ ভিত্তিত, ওৱানপ্লাছে চেলুলাৰ সংযোগৰ সৈতে মুকলি কৰিব পাৰে এই টেবলেটটো যাৰ ৰং হ’ব সেউজীয়া ৷
ওৱানপ্লাছে মুকলিৰ প্ৰাক মূহুৰ্তত এই সন্দৰ্ভত নিশ্চয়কৈ অধিক বিৱৰণ প্ৰকাশ কৰিব।