ভাৰতবৰ্ষৰ বহুঠাইৰ ৰাজপথৰ অৱস্থাই কেতিয়াবা মানুহক ব্যতিবস্ত কৰি তোলে ৷ সামাজিক মাধ্যমত পথৰ মাজত থকা গাঁতৰ ছবি পোষ্ট কৰি বহুসময়ত মানুহে চৰকাৰক উদ্দেশ্যি গালি –শপনি পাৰে। বহু সময়ত আমি বিশ্বৰ ৰাস্তা-ঘাটৰ কথা উল্লেখ কৰি চৰকাৰক প্ৰশ্ন উত্থাপন কৰোঁ।কিন্তু আমি হয়তো বহুতেই নাজানো যে বিশ্বৰ উন্নত দেশসমূহতো এনে বহু কদৰ্য্যময় বাট-পথ আছে ৷
আজি আমি আপোনালোকক এনেকুৱা এটা পথৰ বিষয়ে জনাব বিচাৰিছো যিটো দেখি আপোনালোক হয়তো আচৰিত নহৈ নোৱাৰিব। এইটো ইংলেণ্ডৰ এটা পথ। ৰাস্তাটোৰ অৱস্থা দেখি এই কথা নিশ্চয় অনুমান কৰিব নোৱাৰি এইয়া ভাৰতৰ নে ইংলেণ্ডৰ পথ ৷
আপোনালোকে দেখিবলৈ পোৱা এই ছবিখন ব্ৰিটেইনৰ এচেক্স অঞ্চলৰ। আমি সকলোৱে জানো যে পৃথিৱীৰ শ্ৰেষ্ঠ পথবোৰৰ ভিতৰত অন্যতম ব্ৰিটেইনৰ বাট-পথবোৰ । যি পথে সদায় আন দেশৰ মানুহকো আকৰ্ষিত কৰে ৷ কিন্তু এইখন উন্নত ঠাইতো এনে কিছুমান ৰাস্তা আছে যাৰ বাবে মানুহ চিন্তিত হৈ পৰিছে । এচেক্স অঞ্চলৰ এই পথটো তাৰ ভিতৰত এক উৎকৃষ্ট উদাহৰণ ।
এচেক্স অঞ্চলটোক ব্ৰিটেইনৰ এক আড়ম্বৰপূৰ্ণ অঞ্চল বুলি গণ্য কৰা হয়। বহু সম্ভ্ৰান্ত লোকৰ বসতিস্থল এই অঞ্চলটোৰ বেয়া ৰাস্তাৰ বাবে বাসিন্দাসকলে সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। স্থানীয় লোকে কয় যে এই পথটোত বৃহৎসংখ্যক ডাঙৰ ডাঙৰ গাঁত আছে। যাৰ বাবে এই ঠাইত গাড়ী উলিয়াই নিয়াটো বিপদমুক্ত নহয়।
ইয়াৰ বাসিন্দাসকলৰ মতে এইটো ব্ৰিটেইনৰ আটাইতকৈ বেয়া পথ। টেক্সি চালকসকলে নিজৰ বাহনৰ ক্ষতি হোৱাৰ ভয়ত এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে। আনহাতে এই অঞ্চলৰ কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটিলে তেওঁক চিকিৎসালয়লৈ নিবলৈ লাগে ঘণ্টাৰ পিছত ঘণ্টা সময় । লগতে ইয়াত জৰুৰীকালীন বাহন অৱতৰণ কৰিব নোৱাৰাটো অতি লজ্জাজনক আৰু সেয়েহে এই ঠাইৰ সকলো বাসিন্দাই প্ৰতিমূহুৰ্ততে নিজকে অসুৰক্ষিত অনুভৱ কৰে। দিনে দিনে বেয়াৰ ফাললৈহে গৈ আছে এই পথৰ অৱস্থা ৷
সঁচাকৈয়ে ইংলেণ্ডৰ দৰে দেশৰ এনে পথৰ অৱস্থাই আমাকো ভাবিবলৈ বাধ্য কৰাইছে যে ই প্ৰকৃততে কি ? দেশখনৰ শাসকৰ ব্যৰ্থতা নে অৱহেলা এখন নিৰ্দিষ্ট ঠাইৰ প্ৰতি ? কি ভাবে বাৰু আপুনি ?