বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ সংগীত জগতৰ এটা পৰিচিত নাম সুৰকাৰ এম এম কীৰৱাণী ৷ ৰাজামৌলিৰ ‘আৰ আৰ আৰ’ৰ নাটু নাটু শীৰ্ষক গীতটো ৰচনা কৰা ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন স্বনামধন্য সুৰকাৰ এম এম কীৰৱাণীয়ে শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত অস্কাৰৰ প্ৰতিযোগিতাত প্ৰৱেশ কৰিছে।
ছবিখনৰ ‘নাটু নাটু ‘ গীতটিয়ে ইতিহাসৰ ৰচনা কৰাৰ লগতে এই ছবিখনেও মনোৰঞ্জন জগতৰ কেইবাটাও সন্মানীয় বঁটা লাভ কৰিবলৈকো সক্ষম হৈছে। গোল্ডেন গ্ল’বছত শ্ৰেষ্ঠ মৌলিক গীতৰ স্বীকৃতি লাভ কৰাৰ পিছত ‘আৰ আৰ আৰে’ শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ সমালোচকৰ পছন্দ বঁটাও লাভ কৰে। লগতে নাটু নাটু ৰ বাবে ছবিখনে লাভ কৰে শ্ৰেষ্ঠ গীতৰ বঁটা।
কিন্তু ভাৰতৰ এজন আগশাৰীৰ সংগীতজ্ঞ এ আৰ ৰহমানে শেহতীয়াকৈ এক সাক্ষাৎকাৰত পূৰ্বৰ কিছু কথা স্মৰণ কৰি কয় যে এটা সময় আছিল যেতিয়া কীৰৱণীয়ে সংগীত ত্যাগ কৰিব বিচাৰিছিল কিন্তু এতিয়া সেই একেখন ক্ষেত্ৰতে তেওঁক এইবাৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ’ব। তেওঁ ক’লে যে প্থমতে কীৰৱানী এগৰাকী মহান সংগীতজ্ঞ।কিন্তু তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল আৰু বিড়ম্বনাৰ কথা যে জীৱন এনেকুৱাই ৷ ই এটা ডাঙৰ গল্প। সংগীতজ্ঞ গৰাকীয়ে ভাৱে যে যদিও তেওঁ এইটো কিমান দূৰ সঁচা নাজানে যে কীৰৱাণীয়ে সংগীত এৰি ২০১৫ চনত অৱসৰ ল’ব বিচাৰিছিল আৰু তেতিয়াই প্ৰকৃতাৰ্থত তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল। গতিকে যিয়েই ভাবিব যে তেওঁৰ জীৱন শেষ হ’ল, হয়তো সেইখিনিতে তেওঁ জীয়াই থাকিবলৈ আৰম্ভ কৰিব লাগিব। এইটো এটা ডাঙৰ উদাহৰণ। তেওঁ তেওঁৰ সন্তানকো সদায় এই কথা কয় যে ৩৫ বছৰ ধৰি কাম কৰা সেই ভদ্ৰলোকজনে চাকৰি এৰিব বিচাৰিছিল যদিও তাৰ পিছত সঁচাকৈয়ে সেই সময়তে তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল ৷
অৱশ্যে এজন মহান সংগীতজ্ঞৰ হৈ ভাৰতৰ আন এগৰাকী মহান সংগীতজ্ঞই কোৱা এই কথাখিনিয়ে আন বহুতকো অনুপ্ৰাণিত কৰিব ৷ জীৱন বাটত ৰৈ যাব খোজা বহুজনেই হয়তো সংগীতজ্ঞ গৰাকীৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিজৰ জীৱন আৰম্ভ কৰিব পূৰ্ণোদ্যমে ৰৈ যাব খোজা শেষ বিন্দুটোৰ পৰাই ৷