আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ।
উক্ত অনুষ্ঠানত ‘স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ’ তথা ‘গৃহ আৰু ৰাজনৈতিক বিভাগ’ৰ মুঠ ১,২০৮গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷ ইয়াৰে ‘স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ’ত ১,১৩৬গৰাকী প্ৰাৰ্থী আৰু ‘গৃহ আৰু ৰাজনৈতিক বিভাগ’ত ৭২গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পত্ৰ লাভ কৰিছে ৷ আজিৰ এই নিযুক্তিৰ ফলত ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ড আৰু গৃহ বিভাগে এক বিশেষ গতি লাভ কৰিব বুলি আশাবাদী মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি প্ৰাপ্ত ষ্টাফ নাৰ্ছসকলক মাৰ্জিত ব্যৱহাৰ, কৰ্তব্যপৰায়ণতাৰে জনসাধাৰণলৈ সেৱা আগবঢ়াবলৈ আহ্বান জনায়।