সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে কামৰাণ আকমালে। পাকিস্তানৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেনগৰাকীয়ে ঘৰুৱা ক্ৰিকেটত এতিয়াৰে পৰা অংশগ্ৰহণ নকৰে ৷ আকমালে পাকিস্তান ছুপাৰ লীগ ফ্ৰেঞ্চাইজি পেছাৱাৰ জালমীৰ বেটিং কনচালটেণ্ট হিচাপে কাম কৰিব। আকমল পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ জ্যেষ্ঠ ভাতৃ। যোৱা পাঁচ বছৰত তেওঁ ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ সুযোগ পোৱা নাছিল ৷
মঙলবাৰে ক্ৰিকেট কেৰিয়াৰৰ অন্ত পেলোৱাৰ কথা ঘোষণা কৰে আকমলে। অৱশ্যে ক্ৰিকেটৰ সৈতে নিজকে জড়িত কৰি ৰাখিব বুলি তেওঁ সদৰী কৰিছে । আকমলক পাকিস্তান ছুপাৰ লীগৰ দল পেছাৱৰ জালমীৰ বেটিং কনচালটেণ্ট হিচাপে দেখা যাব। তেওঁৰ ভাতৃ বাবৰ একেটা দলৰ অধিনায়ক।
সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি ৪১ বছৰীয়া আকমলে কয়, ‘পাকিস্তান ক্ৰিকেট ব’ৰ্ডে মোক বিশেষ দায়িত্ব দিছে। ইয়াৰ পিছত মোৰ বাবে খেলি থকাৰ কোনো যুক্তি নাই। মোৰ দায়িত্ববোৰ সঠিকভাৱে চম্ভালি লোৱাৰ পিছত সময় পালে সৰু লীগ খেলিব পাৰিম।“ শেহতীয়াকৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে তেওঁক ৰাষ্ট্ৰীয় নিৰ্বাচকৰ দায়িত্ব প্ৰদান কৰিছে।
২০০২ চনত আকমলে পাকিস্তানৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়। শেষবাৰৰ বাবে ২০১৭ চনত দেশৰ হৈ খেলিছিল। পাকিস্তানৰ হৈ কামৰানে ৫৩খন টেষ্ট, ১৫৭খন এদিনীয়া আৰু ৫৮খন টি-২০ মেচ খেলিছে। তিনি প্ৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ক্ৰমে ২৬৪৮, ৩২৩৬ আৰু ৯৮৭ ৰান সংগ্ৰহ কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ ১১টা শতক আৰু ২৭টা অৰ্ধশতক অৰ্জন কৰিছে। তেওঁ ২০১৭ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দেশৰ হৈ অন্তিমখন এদিনীয়া খেলত ভাগ লৈছিল । মন কৰিবলগীয়া যে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক এৰন ফিঞ্চেও মঙলবাৰে অৱসৰৰ কথা ঘোষণা কৰে।