জয়ছালমেৰৰ সূৰ্যগড় প্ৰাসাদত সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিবাহ সম্পন্ন হয় ৷ আন আন বলীউডৰ তাৰকাৰ দৰে তেওঁলোকেও নিজৰ বিবাহক লৈ বহু গোপনীয়তা বজাই ৰাখে। কাৰণ বিয়াৰ ফটো সংবাদ মাধ্যমৰ আগত ফাদিল হোৱাটো তেওঁলোকে বিচৰা নাছিল । মঙলবাৰে নিশা প্ৰায় ১০:৩০ বজাত ইনষ্টাগ্ৰামত দম্পত্তীহালে বিয়াৰ ছবি পোষ্ট কৰে। ৫ ফেব্ৰুৱাৰীত সমগ্ৰ পৰিয়ালটোৰ সৈতে ৰাজস্থানত উপস্থিত হয় কিয়াৰা। ইয়াৰ পিছতউপস্থিত হয় সিদ্ধাৰ্থ আৰু তেওঁৰ পৰিয়াল। মঙলবাৰৰ বিয়াৰ নিশা বহু অতিথি মুম্বাইলৈ উভতি আহিছিল। কিন্তু সিদ্ধার্থ আৰু কিয়াৰা এতিয়াও মুম্বাইলৈ ঘূৰি অহা নাই। অহা ৮ ফেব্ৰুৱাৰীত তেওঁলোক জয়ছালামেৰৰ পৰা দিল্লীলৈ ৰাওনা হ’ব।
সিদ্ধাৰ্থ দিল্লীৰ বাসিন্দা। তেওঁৰ মূল ঘৰটো তাতেই আছে। শহুৰেকৰ ঘৰত বিয়াৰ পিছত কিয়াৰাৰ কেইবাটাও অনুষ্ঠান সম্পন্ন হ’ব । ইয়াৰ বাহিৰেও ৯ ফেব্ৰুৱাৰীত দিল্লীত তেওঁলোকৰ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হ’ব । চলচ্চিত্ৰ জগতৰ বন্ধু-বান্ধৱীৰ বাবেও মুম্বাইত এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ১২ ফেব্ৰুৱাৰীত মুম্বাইৰ পাঁচ তাৰকাযুক্ত ছেইণ্ট ৰেজিছ হোটেলত সিদ্ধার্থ-কিয়াৰাই এক বৃহৎ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছে ৷
কেৱল সিদ্ধার্থ-কিয়াৰা নহয়, বলীউডৰ বহু তাৰকাই এই পাঁচ তাৰকাযুক্ত হোটেলখনত অনুষ্ঠান আয়োজন কৰিবলৈ আগ্ৰহী ৷ এই হোটেলখনৰ নিৰাপত্তা আৰু পৰিচালনাৰ বাবে এই হোটেলখন সকলোৱে পছন্দ কৰে। সিদ্ধার্থ-কিয়াৰাৰ আগতে অনুষ্কা শৰ্মা-বিৰাট কোহলীৰো এই হোটেলত অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈছিল।