চুলিয়ে এজন ব্যক্তিৰ সৌন্দর্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াই ৷ যাৰ বাবে চুলিখিনি ষ্টাইলেৰে সকলোৱে কটাব বিচাৰে ৷ কিন্তু ষ্টাইলত চুলি কাটোতে হোৱা খেলিমেলিৰ বাবেই এজন গ্ৰাহক আৰু এখন চেলুন কতৃপক্ষ দ্বাৰস্থ হ’ল উচ্চতম ন্যায়ালয়ত ৷ প্ৰকৃতার্থত ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা আয়োগে মডেলগৰাকীৰ চুলি কটাৰ সময়ত হোৱা খেলিমেলিৰ বাবে ২ কোটি টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে এখন নিৰ্দিষ্ট চেলুনক। এই নির্দেশনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ আহিছে চেলুন কতৃপক্ষ ৷ মঙলবাৰে উচ্চতম ন্যায়ালয়ে এনচিডিআৰচিৰ নিৰ্দেশ স্থগিত ৰাখিলে। উচ্চতম ন্যায়ালয়ৰ মতে ক্ষতিপূৰণৰ পৰিমাণ কেৱল শুনা কথাৰ ভিত্তিত নহয় বস্তুগত প্ৰমাণৰ ভিত্তিত নিৰ্ধাৰণ কৰিব লাগিব।
এনচিডিআৰচিৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই হোটেল কোম্পানী আইটিচিয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। এগৰাকী মডেলে অভিযোগ কৰে যে তেওঁলোকে মডেলগৰাকীৰ চুলিৰ অংশ তাই কোৱাতকৈ বেছি কাটিছিল। আৰু চুলিৰ চিকিৎসাৰ সময়ত মডেলগৰাকীৰ মূৰৰ ছাল ক্ষতিগ্ৰস্ত হৈছিল। এনচিডিআৰচিৰ প্ৰতিবেদনত কোৱা হৈছে যে আইটিচিৰ ভিতৰৰ এখন সুপৰিচিত চেলুনত হোৱা খেলি মেলিৰ বাবে মডেলগৰাকীয়ে চাকৰি হেৰুৱাইছিল। মানসিকভাৱে তেওঁ ভাঙি পৰিছে। কেৱল আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাই নহয়, সেইদিনাৰ পৰাই তেওঁ মানসিক উদ্বিগ্নতাৰ মাজেৰে সময় পাৰ কৰিছে ৷
উচ্চতম ন্যায়ালয়ে কয় যে এনচিডিআৰচিৰ এই সিদ্ধান্ত যথেষ্ট একপক্ষীয়। ২০১৮ চনত সংঘটিত হৈছিল এই ঘটনা। শীর্ষ আদালতে মহিলাগৰাকীক সেই বছৰৰ মুঠ সম্পত্তিৰ পৰিমাণ লিখিত প্রমাণৰ সৈতে জমা দিবলৈ নিৰ্দেশ দিয়ে। মডেলগৰাকীক সেই সময়ত তেওঁৰ হাতত থকা সকলো মডেলিং আৰু এডভাৰটাইজিং প্ৰজেক্টৰ চুক্তি আৰু নথি-পত্ৰ আদালতত জমা দিবলৈ কোৱা হৈছে। কিন্তু মডেল গৰাকীয়ে আদালতত নথি পত্ৰ জমা দিব পৰা নাছিল।
মহিলাগৰাকীৰ আৱেগিক অৱস্থাৰ প্ৰতি আদালতে সহানুভূতি প্ৰকাশ কৰে। কিন্তু ক্ষতিপূৰণৰ বাবে এনচিডিআৰচিয়ে আবণ্টন দিয়া ধনৰাশি বহু বেছি। উচ্চতম ন্যায়ালয়ে এনচিডিআৰচিক ক্ষতিপূৰণৰ বিষয়টো পুনৰ বিবেচনা কৰিবলৈ কয়।