ব’র্ডাৰ-গাওস্কাৰ ট্ৰফীৰ প্ৰথম দিনাৰ পৰাই আৰম্ভ হৈছে বিতৰ্ক। খেলপথাৰত বলিং কৰি থাকোঁতে ৰবীন্দ্ৰ জাদেজাই কিয় আঙুলিত মলম লগাইছিল তাক লৈ চৰ্চা অব্যাহত আছে। ভাৰতীয় দলটোৱে ঘটনাৰ ভিডিঅ’ মেচ ৰেফাৰীৰ ওচৰত জমা দিছে। খবৰ অনুসৰি অষ্ট্ৰেলিয়াৰ দলটোৱে মেচ খনৰ ৰেফাৰী এণ্ডি পাইক্ৰফ্টৰ ওচৰত কোনো অভিযোগ উত্থাপন কৰা নাছিল। মেচ ৰেফাৰীয়ে হয়তো নিজেই এই বিষয়ে জানিব বিচাৰিছিল।
টেষ্টৰ প্ৰথম দিনটোতে জাডেজাই এককভাৱে অষ্ট্ৰেলিয়াৰ মিডল অৰ্ডাৰ সমাপ্ত কৰে। তেওঁ ৫টা উইকেট দখল কৰে। আঘাতৰ পৰা সুস্থ হৈ পাঁচ মাহৰ পাছত খেলপথাৰত প্ৰৱেশ কৰে জাদেজা। কিন্তু খেল চলি থকাৰ মাজতে মহম্মদ চিৰাজ, মহম্মদ ছামীয়ে জাদেজাক মলম দিয়া দেখা যায়। বাওঁহাতৰ স্পিনাৰজনে আঙুলিত সেই মলম লগাই লয় । অষ্ট্ৰেলিয়াৰ এখন বাতৰি কাকতে সেই ছবিখন পোষ্ট কৰিছিল, “আকৰ্ষণীয়! অষ্ট্ৰেলিয়া বনাম ভাৰতৰ খেলখনৰ এই ছবিখনে বহু প্ৰশ্নৰ উত্থাপন কৰিছে। এই কাণ্ডৰ ওপৰত অধ্যয়ন চলি আছে।”
ইয়াৰ পিছত এই ঘটনাক লৈ চর্চা আৰম্ভ হয়। প্ৰশ্ন উত্থাপন হয়, জাদেজাই আঙুলিত কি লগাইছিল ? ভাৰতীয় ব’ৰ্ডে সংবাদ সংস্থা পিটিআইক জনাইছে যে জাদেজা আঙুলিৰ বিষত ভুগি আছে। সেইবাবেই তেওঁ বিষ নিৰাময়ৰ মলম লগাই আছিল। ভাৰতীয় দলটোৱে মেচ ৰেফাৰীকো একে কথা অৱগত কৰিছে ৷
আইচিচিয়ে বলত থু লগোৱা বন্ধ কৰি দিছে। ক্ৰিকেটাৰে বল পলিচ কৰিবলৈ ঘামৰ ব্যৱহাৰ কৰে। অষ্ট্ৰেলিয়াৰ অনুৰাগীসকলেও প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে যে ভাৰতীয় দলটোৱে আন কিবা ব্যৱহাৰ কৰিছে নেকি ? ২০১৮ চনত ষ্টিভ স্মিথ, ডেভিদ ৱাৰ্নাৰৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ অভিযোগ উত্থাপন হৈছিল। তেওঁলোকক নিৰ্বাসিত কৰা হৈছিল। অষ্ট্ৰেলিয়াৰ দললৈ ঘূৰি অহাৰ পিছত ৱাৰ্নাৰক অধিনায়কৰ দায়িত্ব দিয়া নহ’ল ৷স্মিথক অৱশ্যে উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়।
অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত জাডেজাই ২২ অভাৰত ৪৭ ৰান সংগ্ৰহ কৰি ৫টা উইকেট দখল কৰে। ফেৰাণ মাৰ্নাছ লাবুশ্বেন, ষ্টিভ স্মিথ, মেট ৰেনশ্ব, পিটাৰ হেণ্ডস্কম আৰু টড মাৰ্ফিৰ উইকেট তেওঁ দখল কৰে । জাদেজাই অষ্ট্ৰেলিয়াৰ দলৰ মধ্যম ক্ৰম ভংগ কৰে।