আকৌ শিৰোনাম দখল কৰিছে ‘দৃশ্যম’ নামৰ ছবিখনে। এই বহু চৰ্চিত ছবিখন দেশৰ সীমা অতিক্ৰম কৰি বিদেশী ভাষাত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ মালয়ালমৰ পাছত ‘দৃশ্যম’ৰ জনপ্ৰিয়তা আৰু সমালোচকৰ প্ৰশংসা লাভ কৰাৰ পিছত তামিল, তেলেগু আৰু হিন্দী ভাষাত মুক্তি লাভ কৰে। এইবাৰ নিৰ্মাতাসকলে ছবিখন ইংৰাজীকে ধৰি কেইবাটাও বিদেশী ভাষাত নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷পেনোৰামা ষ্টুডিঅ’ ইণ্টাৰনেশ্যনেল লিমিটেডে বিদেশী ভাষাত ছবিখন নিৰ্মাণৰ অধিকাৰ ক্ৰয় কৰিছে ৷
মালয়ালম পৰিচালক জীথু জোচেফৰ ছবি ‘দৃশ্যম’। প্ৰথমখন ছবি মুক্তি লাভ কৰিছিল ২০১৩ চনত। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল মালয়ালম ছুপাৰষ্টাৰ মোহনলালে। বলিষ্ঠ চিত্ৰনাট্য আৰু নিৰ্দোষ অভিনয়েৰে দৰ্শকৰ মনত স্থান দখল কৰিছিল ‘দৃশ্যম’-এ। সমালোচকসকলেও ছবিখনৰ প্ৰশংসা কৰে। মালয়ালম ছবিখনৰ জনপ্ৰিয়তাৰ বাবে পিছলৈ ছবিখন তামিল, তেলেগু আৰু হিন্দী ভাষাত নিৰ্মাণ কৰা হয়। ২০১৫ চনত মুক্তি পোৱা হিন্দী ছবিখনত অজয় দেৱগনে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। যোৱা বছৰ হিন্দীত মুক্তি লাভ কৰিছিল ‘দৃশ্যম ২’। ছবিখনৰ দুয়োটা চিকুৱেলে সমান জনপ্ৰিয়তা লাভ কৰাৰ লগে লগে এইবাৰ নিৰ্মাতাসকলে বিদেশী ভাষাত ছবিখন নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়।
নিজ নিজ প্ৰডাকচন কোম্পানীয়ে ফিলিপাইনছ, সিংহলী আৰু ইণ্ডোনেছিয়ান ভাষাৰ বাহিৰে সকলো বিদেশী ভাষাতে ছবিখনৰ অধিকাৰ ক্ৰয় কৰিছে। ইতিমধ্যে চীনা ভাষাত ছবিখন নিৰ্মাণৰ অধিকাৰ লাভ কৰিছে। খবৰ অনুসৰি জাপান আৰু কোৰিয়াতো ছবি নিৰ্মাণ প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা চলি আছে।
দুখন ছবিৰ অন্তত ইতিমধ্যে পৰিচালক জীতু জোচেফে ফ্ৰেঞ্চাইজিৰ তৃতীয়খন ছবি নিৰ্মাণৰ বাবে সেউজ সংকেত দিছে। ফ্ৰেঞ্চাইজিলৈ ঘূৰি আহিছে মালয়ালমৰ তাৰকা মোহনলাল। মালয়ালম ভাষাত নিৰ্মাণ হোৱাৰ পিছত শীঘ্ৰে হিন্দী ভাষাত নিৰ্মাণ হ’বলৈ গৈ আছে ‘দৃশ্যাম ৩’। বাতৰি, দৰ্শকক আকৰ্ষণ কৰিবলৈ নিৰ্মাতাসকলে পৰৱৰ্তী ছবিখন একেদিনাই একাধিক ভাষাত মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে।