পৃথিৱীৰ প্ৰতিটো ঠাইত ইয়াৰ ভৌগোলিক আৰু সামাজিক পৰিস্থিতি অনুসৰি শতিকাৰ আগতে বিভিন্ন নিয়ম-আইন প্ৰস্তুত কৰা হৈছিল । এই নিয়মসমূহ গঠনৰ পিছৰে পৰাই তেনেকৈয়ে চলি আছে, যাক পৰম্পৰা হিচাপে মানি সকলোৱে পালন কৰি আহিছে । এনে পৰম্পৰাবোৰৰ ভিতৰত পৃথিৱীৰ এটা দ্বীপত এনে এক পৰম্পৰা চলি আহিছে, য’ত কেৱল পুৰুষহে বাস কৰিব পাৰে । কোনো মহিলাক সেই ঠাইলৈ যোৱাৰ অনুমতি দিয়া নহয় । আমোদজনক যে, এই দ্বীপত বাস কৰা পুৰুষসকলে সেই ঠাইৰ সাগৰৰ দেৱীৰ ৰূপক উপাসনা কৰে, কিন্তু মহিলাসকলক তালৈ যোৱাৰ নিষেধাজ্ঞা আছে ।
এইটো এটা মন্দিৰ বা দেৱ স্থানৰ বিষয়ে নহয় , ই এটা দ্বীপ য’ত কেৱল পুৰুষহে যাব পাৰে আৰু ইয়ালৈ মহিলাসকলক যাবলৈ অনুমতি দিয়া নহয় । জাপানত অৱস্থিত এই দ্বীপটোক ওকিনোচিমা দ্বীপ বুলি জনা যায় । মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ উপৰিও, এই দ্বীপ ত বহুতো কঠোৰ নিয়ম পালন কৰে তাৰ বাসিন্দাসকলে । যি কি নহওক , ইয়াত এনে পৰম্পৰা কিয় অনুসৰণ কৰা হয় আৰু ইয়াৰ আঁৰৰ কাৰণ কি সেই বিষয়ে জানো আহক ।
জাপানৰ ওকিনোচিমা দ্বীপক UNESCO ই বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল । এই দ্বীপটো মুঠ ৭০০ বৰ্গ মিটাৰ জুৰি বিয়পি আছে । জানিব পৰা মতে, চতুৰ্থৰ পৰা নৱম শতিকাৰ ভিতৰত এই দ্বীপটো কোৰিয়ান দ্বীপ আৰু চীনৰ মাজত বাণিজ্যৰ কেন্দ্ৰ বিন্দু আছিল । ইয়াক ধৰ্মীয়ভাৱে অতি পৱিত্ৰ ঠাই বুলি গণ্য কৰা হয় । কিন্তু প্ৰাচীন কালৰ পৰাই এই দ্বীপত চলি অহা ধৰ্মীয় প্ৰতিবন্ধকতা বৰ্তমানেও অব্যাহত আছে ।
বহুতো নীতি–নিয়মৰ ভিতৰত ইয়াৰ এটা নিষেধাজ্ঞা মতে ঠাইখনলৈ মহিলাৰ আগমন নিষিদ্ধ কৰা আছে । ইয়ালৈ অহা পুৰুষসকলৰ বাবে কিছুমান কঠিন নিয়মো আছে , যিবোৰ তেওঁলোকে অনুসৰণ কৰিব লাগিব ।
কোৱা হয় যে, এই দ্বীপলৈ যোৱাৰ আগতে পুৰুষসকলে উলংগ হৈ গা ধুব লাগে । ইয়াত নিয়মবোৰ ইমান কঠোৰ যে গোটেই বছৰত মাত্ৰ ২০০ জন পুৰুষহে এই দ্বীপটোলৈ যাব পাৰে আৰু তালৈ যোৱাৰ সময়ত তেওঁলোকে নিজৰ লগত একো নিব নোৱাৰে । ইয়াৰোপৰি, তেওঁৰ এই যাত্ৰাও গোপন থাকিব লাগে ।
আসাহি চিম্বুনৰ প্ৰতিবেদন অনুসৰি , মুনাকাটা টাইছা ওকিৎচু মন্দিৰ এই দ্বীপত অৱস্থিত , য’ত সাগৰৰ দেৱীক উপাসনা কৰা হয় । কোৱা হয় যে সপ্তদশ শতিকাত সাগৰীয় ভ্ৰমণত জাহাজৰ সুৰক্ষাৰ বাবে সাগৰৰ দেৱীক উপাসনা কৰা হৈছিল ।