গোৰোহাৰ লিগামেণ্টৰ অস্ত্ৰোপচাৰ কৰা হ’ব ব্ৰাজিলৰ ষ্ট্ৰাইকাৰ নেইমাৰৰ । পেৰিছ চেণ্ট জাৰ্মেইনত কাইলিয়ান এমবাপে আৰু লিয়নেল মেছিৰ সতীর্থ নেইমাৰ কমেও চাৰি মাহৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থাকিব।
অহা বৃহস্পতিবাৰে বায়াৰ্ন মিউনিখৰ বিৰুদ্ধে চেম্পিয়নছ লীগৰ খেলখনত নেইমাৰে খেলিব নোৱাৰিব। কাটাৰত অনুষ্ঠিত বিশ্বকাপৰ পিছৰে পৰা গোৰোহাৰ লিগামেণ্টৰ আঘাতত ভুগি আছে। চিকিৎসকে কয় যে অস্ত্ৰোপচাৰ অবিহনে আঘাতৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পোৱা সম্ভৱ নহয়। ১০ জুনত চেম্পিয়নছ লীগৰ ফাইনেল। যদি পি এছ জিয়ে ফাইনেলত প্ৰৱেশ কৰে তেন্তে সেই মেচত নেইমাৰৰ উপস্থিতিও অনিশ্চিত বুলি বিবেচিত হৈছে।
১৯ ফেব্ৰুৱাৰীত লীগ ৱানৰ এখন খেলত নতুনকৈ আঘাতপ্ৰাপ্ত হয় নেইমাৰ। তাৰ পিছৰে পৰা ব্ৰাজিলৰ তাৰকাগৰাকী খেলৰ পৰা আঁতৰি আছে। পি এছ জি কৰ্তৃপক্ষই প্ৰথমে কৈছিল যে নেইমাৰে হাড় ভাঙি যোৱা নাছিল। কেইসপ্তাহমান জিৰণি লোৱাৰ প্ৰয়োজন। কিন্তু চিকিৎসকে কয় যে নেইমাৰৰ গোৰোহাৰ লিগামেণ্ট যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। অস্ত্ৰোপচাৰ নকৰাকৈ আঘাতৰ পৰা মুক্তি পোৱা সম্ভৱ নহয়। তেওঁলোকৰ পৰামৰ্শ অনুসৰি নেইমাৰে অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয় ৷ তেওঁৰ অস্ত্ৰোপচাৰ কেতিয়া হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
নেইমাৰ কেতিয়া খেলপথাৰলৈ উভতি যাব পাৰিব সেয়া স্পষ্ট হোৱা নাই। অস্ত্ৰোপচাৰৰ পিছত পুনৰ্বাসন প্ৰক্ৰিয়াত কেইবাদিনো লাগিব। সেই অনুশীলন শেষ হোৱাৰ পিছত নেইমাৰ খেলপথাৰলৈ ঘূৰি অহাৰ সম্ভাৱ্য সময় নির্ধাৰণ হ’ব ৷