বিশ্ববিশ্ৰুত ফুটবল তাৰকা পেলেৰ মৃত্যুৰ পাছত তেওঁৰ পত্নী মাৰ্চিয়া ছিবেলা আওকিয়ে মুঠ সম্পত্তিৰ মাত্ৰ ৩০ শতাংশহে লাভ কৰিব।মার্চিয়া পেলেৰ তৃতীয় আৰু শেষ পত্নী। মৃত্যুৰ পূৰ্বে ব্ৰাজিলৰ তাৰকা ফুটবলাৰগৰাকীয়ে সম্পত্তিৰ ভাগ বাটোৱাৰা কৰি থৈ গৈছিল ৷ সেই অনুসৰি সম্পত্তিৰ বিভাজন কৰা হ’ব।কিন্তু ইয়াৰ মাতে এগৰাকী অচিনাকি মহিলাৰ কথা উল্লেখ আছে। যাক পেলেৰ কন্যা বুলি অনুমান কৰা হৈছে। কিন্তু পেলেই জীৱিত অৱস্থাত তেওঁৰ কথা কেতিয়াও কোৱা নাছিল।
মাৰ্চিয়াৰ অধিবক্তা লুইজ কিগনেলে কয় যে তেওঁৰ ক্লায়েণ্টে গুৱাৰুজাত এটা বিলাসী ঘৰ পাব। পেলে আৰু তেওঁৰ পত্নীয়ে তাতেই বাস কৰিছিল। সাগৰৰ পাৰৰ সেই ঘৰটো এতিয়া তেওঁৰ পত্নীৰ মালিকানাধীন হ’ব । যোৱা বছৰৰ ডিচেম্বৰ মাহত পেলেৰ মৃত্যু হৈছিল। তেওঁৰ বয়স আছিল ৮২ বছৰ। তেওঁৰ সম্পত্তিৰ মুঠ পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই। পত্নীৰ ৩০ শতাংশ বাদ দি বাকী ৭০ শতাংশ পেলেৰ সন্তান আৰু এগৰাকী অচিনাকি মহিলাই লাভ কৰিব । কিগনেলে কয় “এগৰাকী ছোৱালীৰ কথা উল্লেখ আছে। অৱশ্যে ডি এন এ পৰীক্ষাৰ পিছত তেওঁ কোন সেয়া প্ৰমাণিত হ’ব। ফুটবলাৰজনৰ শাৰীৰিক অৱস্থাৰ বাবে পেলে জীয়াই থকাৰ সময়ত তেনে কৰাটো সম্ভৱ নাছিল।’
ব্ৰাজিলৰ এগৰাকী মহিলাই নিজকে পেলেৰ কন্যা বুলি পৰিচয় দিছে। সেই দাবী কৰি তেওঁ আইনী ব্যৱস্থাও গ্ৰহণ কৰিছে। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত পেলেক ডি এন এ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছিল। যিটো সম্ভৱ নাছিল। এতিয়া পেলেৰ সাতটা সন্তানৰ ডি এন এ পৰীক্ষা কৰা হ’ব। তেতিয়াহে অচিনাকি মহিলাগৰাকীৰ পৰিচয় সম্পৰ্কে সঠিক তথ্য উপলব্ধ হ’ব।
যোৱা বছৰৰ ২৯ ডিচেম্বৰৰ নিশা পেলেৰ মৃত্যু হৈছিল। দীৰ্ঘদিন ধৰি তেওঁ কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছিল। কাটাৰত অনুষ্ঠিত বিশ্বকাপৰ সময়ত তেওঁৰ অৱস্থাৰ অৱনতি ঘটাত ২৯ নৱেম্বৰত ছাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তাৰ পিছত তেওঁ ঘৰলৈ উভতি নাহিল।