স্বাধীনতাৰ ‘অমৃতকালৰ’ অংশ হিচাপে ২০৪৭ চনলৈকে দেশখনক সজাই তোলাৰ পৰিকল্পনা কৰিছে নৰেন্দ্ৰ মোদীয়ে। সেই ইচ্ছা তেওঁ বিভিন্ন ভাষণত প্ৰকাশ কৰিছিল। ইয়াৰ আধাৰত তেওঁ পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ মানলৈকে দেশৰ সকলো ছাত্ৰ-ছাত্ৰীলৈ এখন চিঠি লিখাৰ পৰিকল্পনা কৰিছে। শীৰ্ষ ৰাজনৈতিক সূত্ৰই এই খবৰ প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ৰ চিঠি পৰিকল্পনা সফল হ’লে দ্বিতীয় পৰ্যায়তো কলেজীয়া ছাত্ৰ-ছাত্ৰীলৈ চিঠি লিখাৰ কথা চিন্তা কৰা হ’ব। সূত্ৰৰ পৰা জানিব পৰা মতে, সংশ্লিষ্ট বিভাগ আৰু বিষয়াসকলৰ মাজত ইতিমধ্যে এই কাম-কাজ আৰম্ভ হৈছে। প্ৰাপ্ত তথ্য অনুসৰি বিজেপি নেতৃত্বইও এইক্ষেত্ৰত সহায় কৰিছে । ২৪ সংখ্যক লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ চলিত বৰ্ষৰ মাজভাগত এই চিঠি প্ৰেৰণ কৰাৰ কার্য আৰম্ভ হ’ব ৷
এই পদক্ষেপটো নতুন আৰু যথেষ্ট ব্যয়বহুল। ৰাজনৈতিক সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰীৰ পত্ৰৰ মুল কথা একেই থাকিব। ইয়াৰ দ্বাৰা দেশৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নৈতিকতা, দেশপ্ৰেম, জাতীয়তাবাদ আৰু দেশপ্ৰেমৰ ভাৱ জগাই তোলা বুলি কোৱা হ’ব। এই পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে দলীয় ৰাজনীতিৰ প্ৰতি এতিয়াও অৱগত নোহোৱা ভৱিষ্যত প্ৰজন্মৰ সৈতে প্ৰত্যক্ষ সংযোগৰ সেতু নিৰ্মাণ কৰিব। অৱশ্যে সূত্ৰটোৱে জনোৱা মতে, চিঠিখনত হয়তো কোনো ৰাজনৈতিক প্ৰসংগ নাথাকিবও পাৰে, বৰঞ্চ ভাৰতৰ পৰম্পৰাগত সংস্কৃতি আৰু আধ্যাত্মিক মূল্যবোধৰ কথাহে উল্লেখ কৰা হৈছে ৷ এই গোটেই পৰিকল্পনা আৰ এছ এছ আৰু সংঘ পৰিয়ালৰ অনুমোদন লাভ কৰিছে।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মৰ সৈতে সংযোগ স্থাপনৰ বাবে ‘পৰীক্ষা পে চর্চা’ আৰম্ভ কৰিছিল। তাত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ দিয়া দেখা গৈছিল। ইয়াত দেশৰ প্ৰায় ২০ লাখ ছাত্ৰ-ছাত্ৰীৰ নাম আৰু ঠিকনা পঞ্জীয়ন কৰা হৈছে। এই সংখ্যা অধিক বৃদ্ধি পাব। ৰাজনৈতিক সূত্ৰ অনুসৰি এই পঞ্জীয়ন প্ৰক্ৰিয়াৰ লগত জড়িত বিজেপি নেতাসকলকো এই চিঠি-প্ৰেৰণৰ আঁচনিত ব্যৱহাৰ কৰা হ’ব। এক কথাত ক’বলৈ গ’লে দেশৰ ছাত্ৰ-ছাত্ৰীৰ ডাটাবেছ ‘এক্সাম পে প্ৰেকটিছ’ৰ বাবে ব্যৱহাৰ কৰা হ’ব।
এই প্ৰসংগত বিৰোধী ৰাজনৈতিক শিবিৰে কয় যে ই বিজেপি আৰু আৰএছএছৰ ভোট পৰিকল্পনা কৌশলৰ বাহিৰে আন একো নহয়। চহৰ, বিদ্যালয়, গাওঁ-গাঁৱৰ ছাত্ৰ-ছাত্ৰীলৈ প্ৰধানমন্ত্ৰীয়ে লিখা চিঠিখন আচলতে ৰাজনৈতিক প্ৰচাৰৰ অংশ । স্কুলীয়া ল’ৰাজনে ভোট নিদিবও পাৰে, কিন্তু এই চিঠিখন পঠিয়ালে তেওঁৰ পৰিয়ালটো প্ৰভাৱিত হ’ব পাৰে। ইয়াৰ উপৰিও বিৰোধীয়ে দাবী কৰিছে যে আৰ এছ এছ ভৱিষ্যতে হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ লক্ষ্যৰ পৰিকল্পনাৰ অংশ হ’ব পাৰে। তেওঁলোকৰ স্পষ্ট অভিযোগ কৰে যে সমগ্ৰ প্ৰকল্পটোৰ বিপুল খৰচ দেশৰ মধ্যবিত্তীয় কৰদাতাৰ পৰা সংগ্ৰহ কৰা হ’ব।