দিল্লী আৰক্ষীয়ে তেওঁৰ ঘৰত চলোৱা অভিযানক ‘অভূতপূৰ্ব’ বুলি অভিহিত কৰে ৰাহুল গান্ধীয়ে। একে সময়তে আৰক্ষীক কংগ্ৰেছৰ সাংসদগৰাকীয়ে প্ৰশ্ন কৰে যে সংসদৰ বাহিৰে ভিতৰে আদানি কাণ্ডৰ বিৰুদ্ধে মাত মতাৰ এয়া প্ৰত্যুত্তৰ নেকি ?
যোৱা বছৰৰ ৭ ছেপ্টেম্বৰৰ পৰা ‘ভাৰত জোৰো যাত্ৰা’ কাৰ্যসূচী আৰম্ভ কৰিছিল ৰাহুলে। সেই পদযাত্ৰাৰ অন্ত পৰে ৩০ জানুৱাৰীত। শ্ৰীনগৰৰ এই অনুষ্ঠানতেই ৰাহুলে কৈছিল, ” এতিয়াও মহিলাক যৌন নিৰ্যাতন চলোৱা হয় । ” দেওবাৰে পুৱা ১০ বজাত দিল্লীৰ টোগলাক ৰোডৰ ৰাহুলৰ ঘৰলৈ গৈছিল দিল্লী আৰক্ষীৰ এটা দল .৷দলটোৰ নেতৃত্বত আছিল বিশেষ আয়ুক্ত (আইন-শৃংখলা) সাগৰপ্ৰীত হুদা।
আৰক্ষীৰ মতে, মহিলাৰ ওপৰত হোৱা হিংসাৰ অভিযোগ গুৰুতৰ। গতিকে যদি কোনো ভুক্তভোগীৰ বিষয়ে ৰাহুলৰ কিবা তথ্য আছে তেন্তে তেওঁ প্ৰকাশ কৰা উচিত । সেই ক্ষেত্ৰত ভুক্তভোগীসকলক নিৰাপত্তা দিয়া হ’ব আৰু তদন্ত আৰম্ভ কৰা হ’ব। সেই তথ্য সংগ্ৰহৰ বাবে দেওবাৰে ৰাহুলৰ ঘৰলৈ গৈছিল আৰক্ষীৰ এটা দল। সূত্ৰৰ পৰা জানিব পৰা মতে, পুৱা ১০ বজাত তালৈ যোৱাৰ ২ ঘণ্টাৰ পিছতে ৰাহুলে সাক্ষাৎ কৰে আৰক্ষীক । পিছত দুপৰীয়া ১ বজাত আৰক্ষী ওলাই আহে ৷ দিল্লী আৰক্ষী ৰাহুলৰ ঘৰলৈ যোৱাৰ খবৰক লৈ দেওবাৰে ৰাজধানী উত্তাল হৈ পৰে। যোৱা ৩০ জানুৱাৰীত সমাপ্ত হয় ‘ভাৰত জোৰো যাত্ৰা’। ইমান দিনৰ মূৰত কিয় এই পদক্ষেপ বুলি কংগ্ৰেছে উত্থাপন কৰিছে প্ৰশ্ন।
ইয়াক লৈ ৰাজনৈতিক উত্তেজনাৰ মাজতে দিল্লী আৰক্ষীৰ জাননীৰ ভিত্তিত ৪ পৃষ্ঠাৰ প্ৰাৰম্ভিক সঁহাৰি প্ৰেৰণ কৰিছে ছোনিয়া-পুত্ৰই। আৰক্ষীৰ এই কাৰ্যক তেওঁ অভূতপূৰ্ব” বুলি অভিহিত কৰে।