সমগ্ৰ চলচ্চিত্ৰ জগতৰ বাবে এক দুঃখবৰ৷২৪ মাৰ্চৰ পুৱা ৩.৩০ বজাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰদীপ সৰকাৰৰ দেহাৱসানৰ বাতৰিয়ে সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰজগততে শোকৰ ছাঁ পেলাইছে ৷ ৬৮ বছৰ বয়সতে দেহাৱসান ঘটা সৰকাৰে ‘পৰিণীতা’, ‘লগা চুনৰী মে দাগ’, ‘মৰ্দানী’ আৰু ‘হেলিকপ্টাৰ ইলা’আদিৰ দৰে কেইবাখনো জনপ্ৰিয় ছবিৰ পৰিচালনা কৰিছিল।জানিবপৰামতে তেওঁৰ ডায়েলাইছিছ কৰি থকা হৈছিল আৰু দেহত পটাছিয়ামৰ মাত্ৰা ভয়ংকৰভাৱে হ্ৰাস পাইছিল। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক পুৱা ৩ বজাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু জনপ্ৰিয় পৰিচালক গৰাকীয়ে চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে।।দীৰ্ঘদিন ধৰি তেওঁ কিডনীৰ সমস্যাত ভুগি থকা চৰকাৰৰ মৃত্যুৰ খবৰে উদ্যোগটোৰ ছবি নিৰ্মাতাৰ পৰা আৰম্ভ কৰি অভিনেতা অভিনেত্ৰীলৈকে সকলোৱে স্তম্ভিত কৰিছে। সামাজিক মাধ্যমত তেওঁৰ মৃত্যুৰ বাতৰি দ্ৰুত গতিত বিয়পি পৰাৰ পিছতেই সামাজিক মাধ্য যোগে শোক প্ৰকাশ কৰিছে চলচ্চিত্ৰ তাৰকাসকলে। সামাজিক মাধ্যম টুইটাৰত অভিনেতা অজয় দেৱগনে শোক প্ৰকাশ কৰিলে এনেকৈ-
“আমাৰ মাজৰ কিছুমানৰ বাবে প্ৰদীপ চৰকাৰ ‘দাদা’ৰ বিয়োগৰ খবৰটো এতিয়াও মানি লোৱাটো কঠিন। গভীৰ শোক প্ৰকাশ কৰিছোঁ। লগতে তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। RIP দাদা”৷
The news of Pradeep Sarkar’s demise, ‘Dada’ to some of us is still hard to digest.
My deepest condolences 💐. My prayers are with the departed and his family. RIP Dada 🙏— Ajay Devgn (@ajaydevgn) March 24, 2023
পৰিণীতা ছবিৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা প্ৰদীপ সৰকাৰে কেৱল ছবি নিৰ্মাণ কৰাই নহয়, বহু পৰিচিত বিজ্ঞাপনো নিৰ্মাণ কৰিছিল যাৰ বাবে তেওঁ বহু বঁটাও লাভ কৰিছে।শেহতীয়াকৈ তেওঁ প্ৰয়াত অভিনেত্ৰী প্ৰিয়া ৰাজবংশৰ বায়’পিক নিৰ্মাণৰ প্ৰস্তুতি চলাইছিল।
বহুকেইখন জনপ্ৰিয় হিন্দী তথা বাংলা ছবিৰ পৰিচালনা কৰি চলচ্চিত্ৰ জগতত সুকীয়া আসন দখল কৰা জনপ্ৰিয় পৰিচালক প্ৰদীপ চৰকাৰৰ মৃত্যু নিশ্চয়কৈ সমগ্ৰ দেশৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে এক অপূৰণীয় ক্ষতি হৈ ৰ’ব ৷