খেল জগতত অনিয়মৰ ছাঁ। ‘স্প’ৰ্টৰাডাৰ ইনটিগ্ৰিটি চাৰ্ভিচেছ’ নামৰ এটা কোম্পানীয়ে অভিযোগ কৰিছিল যে সমগ্ৰ বিশ্বৰ সকলো খেলতে ১২১২খন মেচত কেৱল ২০২২ চনত ফিক্সিং কৰা হ’ব পাৰে। ই এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা যিয়ে বিশ্বৰ বিভিন্ন দেশত খেলা খেলৰ তদন্ত কৰি কোনো দুৰ্নীতি হৈছে নেকি নিৰীক্ষণ কৰে ৷
স্প’ৰ্ট্ৰাডাৰে প্ৰকাশ কৰিছে ২৮ পৃষ্ঠাৰ প্ৰতিবেদন। তাত উল্লেখ কৰা অনুসৰি ২০২২ চনত ৯২খন দেশৰ ১২ ধৰণৰ খেলত মুঠ ১২১২খন খেলত অনিয়ম হৈছে ৷এই সংস্থাটোৱে ‘ইউনিভাৰ্চেল ফ্ৰড ডিটেকচন চিষ্টেম’ নামৰ বিশেষ পদ্ধতি ব্যৱহাৰ কৰি বিভিন্ন খেলৰ অনুসন্ধান কৰে।
প্ৰতাৰণা কৰাৰ আটাইতকৈ বেছি অভিযোগ উঠিছে ফুটবলত। ৭৭৫খন ফুটবল খেলত ফিক্সিং হোৱা বুলি অভিযোগ উত্থাপন কৰা হৈছে । ইয়াৰ উপৰিও ২২০খন বাস্কেটবল মেচ, ৭৫খন টেনিছ মেচতো ফাউল প্লে’ৰ ইংগিত পোৱা গৈছে ৷
তালিকাৰ ৬ নম্বৰ স্থানত আছে ক্ৰিকেট। ১বছৰত ১৩খন ক্ৰিকেট মেচত অনিয়ম সংঘটিত হৈছে ৷ এতিয়ালৈকে ইমানবোৰ মেচ ফিক্সিঙৰ এবছৰত উত্থাপন হোৱা নাই।
ক্ৰিকেটৰ কোনটো ফৰ্মেট, বা আন্তঃৰাষ্ট্ৰীয় বা লীগ ক্ৰিকেটত ঘটিছিল নে নাই সেই সম্পৰ্কে এতিয়ালৈকে কোনো তথ্য পোৱা নাই। কিন্তু প্ৰতিবেদন অনুসৰি এই তালিকাত ভাৰতত কোনো মেচ নাই। অৰ্থাৎ ১৩খন মেচ ফিক্সিঙৰ অভিযোগৰ কোনো এটাই ভাৰতত সংঘটিত হোৱা নাই। কিন্তু সেই আটাইকেইখন মেচত ভাৰতে খেলিছিল নে নাই সেই সন্দৰ্ভত কোনো তথ্য পোৱা নাই ৷