বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী বিপাশা বাসুৱে প্ৰথমবাৰলৈ প্ৰকাশ কৰিছে তেঁৰ কন্যাৰ ফটো ৷ সামাজিক মাধ্যমৰ জৰিয়তে বিপাশাই কন্যা দেৱীৰ দুখনকৈ ফটো প্ৰকাশ কৰিছে ৷ এতিয়ালৈকে বিপাশা বসু আৰু তেওঁৰ স্বামী কৰণ সিং গ্ৰ’ভাৰে দেৱীক লগত লৈ ফটোৰ বাবে প’জ দিছিল যদিও কেমেৰাৰ পৰাসন্তানৰ মুখখন সযতনে লুকুৱাই ৰাখিছুইল ৷ আজি সন্তানৰ ফটোৰ সৈতে কেপচনত লিখিছে -, “হেল্ল’ ৱৰ্ল্ড … আই এম দেৱী “৷
লগতে দেৱীৰ সম্পূৰ্ণ নামটো দেৱী বসু সিং গ্ৰ’ভাৰ হেচটেগ হিচাপে যোগ দিছে ৷ বিপাশা বসুৱে যোৱা বছৰৰ নৱেম্বৰ মাহত কৰণৰ সৈতে প্ৰথম সন্তান দেৱীক আদৰণি জনাইছিল। অভিনেত্ৰীগৰাকীৰ এই পোষ্টটোৱে হিন্দী চলচ্চিত্ৰ জগতৰ সহকৰ্মী আৰু বন্ধু-বান্ধৱীৰ যথেষ্ট মৰম লাভ কৰিছে।
অভিনেত্ৰী দিয়া মিৰ্জাই লিখিছে, “ভগৱানে তোমাক আশীৰ্বাদ কৰক দেৱী। তোমালৈ মোৰ বহুত মৰম যাচিছো ৷ তোমাক এবাৰ সাৱটি ধৰিবলৈ আৰু বেছি দিন অপেক্ষা কৰিব নোৱাৰিম ৷ “ মালাইকা অৰোৰাই কয় “ভগৱানে কণমানি দেৱীক আশীৰ্বাদ কৰক।” অভিষেক বচ্চনে লিখিছে, “ভগৱানে আশীৰ্বাদ কৰক।”ইণ্টেৰিয়ৰ ডিজাইনাৰ চুছানে খানে লিখিছে, “ভগৱানে তোমালোক তিনিজনক আশীৰ্বাদ কৰক। তোমালৈ বহুত মৰম যাচিছো ৷” ২০২২ চনৰ নৱেম্বৰ মাহত কন্যা সন্তানৰ জন্মৰ কথা ঘোষণা কৰি বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল ৷