উল্লেখ্য যে জলসিঞ্চন বিভাগৰ “দীপ টিউবৱেল” স্থাপনৰ বাবে নিবিদা আহ্বানৰ বিজ্ঞাপন প্ৰকাশ পাইছিল। এই ঠিকাৰ বাবে ভুৱা নথিৰে নিবিদা দাখিল কৰিলে অঞ্জন ডেকা নামৰ নলবাৰীৰ এজন প্ৰৱঞ্চক বিজেপি নেতাই।
অঞ্জন ডেকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অতি ঘনিষ্ঠ আৰু নলবাৰী জিলা বিজেপিৰ সম্পাদক। সেই সংক্ৰান্তত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই এক সংবাদ মেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
জলসিঞ্চনৰ এই ঠিকাৰ বাবে জমা দিয়া নথি মতে অঞ্জন ডেকাই ঠিকাদাৰ শ্যমলা দৈমাৰী আৰু জে জি এছ’চিয়েটছৰ লগত চাব কন্ট্ৰেক্ট কৰাৰ নথি দাখিল কৰিছিল। কিন্তু সেই দুয়োটা কোম্পানীয়ে পোৱা ৱৰ্ক অৰ্ডাৰত উল্লেখেই নাই অঞ্জন ডেকাৰ নাম । সকলো ফাদিল হৈছিল RTI তথ্যত । যি কেইজন ঠিকাদাৰৰ লগত কাম কৰা বুলি উল্লেখ কৰি ঠিকাৰ বাবে অৰ্হতাসম্পন্ন বিৱেচিত হ’ল। সেই কেইজন ঠিকাদাৰৰ লগত অঞ্জন ডেকাই কাম কৰাৰ কোনো তথ্য নাই। এতিয়া প্ৰশ্ন হল কিমান মোটা অংকৰ ধনত মেনেজ হৈছিল মুখ্য অভিযন্তা , কাৰ্যকৰী অভিযন্তা ?
মুখ্য অভিযন্তা আৰু কাৰ্যকৰী অভিযন্তাৰ লগত সু-সম্পৰ্ক ৰক্ষাৰ বাবেই অঞ্জন ডেকাৰ প্ৰতি ইমান দৰদ নেকি?
ভুৱা নথিৰে ৱৰ্ক-অৰ্ডাৰ পোৱা অঞ্জন ডেকাৰ বিৰূদ্ধে তদন্ত হ’ব নে?
মুখ্য অভিযন্তা আৰু কাৰ্যকৰী অভিযন্তাৰ বিৰূদ্ধে তদন্ত ঘোষণা হ’ব নে?
কাৰ পৃষ্ঠপোষকতাত চলিছে এই অনিয়ম?
বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হিয়াৰ আমঠু হোৱাৰ বাবে ৰেহাই পাব নেকি অঞ্জন ডেকাই?
আনহাতে মদৰ ব্যৱসায় কৰে বিজেপি নেতা অঞ্জন ডেকাই। RSS ৰ নেতা সকলে সভাই সমিতিয়ে কয় যে মদৰ টকাৰে চৰকাৰ চলোৱা উচিত নহয়। কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে নলবাৰী জিলা বিজেপিৰ সম্পাদকৰ দৰে গুৰু পদত অধিষ্ঠিত হৈ আছে নেকি মদ বেপাৰী অঞ্জন ডেকা? নে মদৰ বেপাৰৰ টকাৰে চলি আছে বিজেপি দল?
এই সকলো কথা স্পষ্ট কৰিবলৈ আমি বিজেপি দল আৰু অসম চৰকাৰক আহ্বান জনাইছোঁ।