কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ পৰিয়ালক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে। এই অভিযোগ শনিবাৰে কংগ্ৰেছে উত্থাপন কৰিছে । এআইচিচিৰ সাধাৰণ সম্পাদক ৰনদীপ সিং সুৰজেৱালাই কৰ্ণাটক বিজেপিৰ নেতা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী মণিকান্ত ৰাথোৰ আৰু স্থানীয় বিজেপি নেতাৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপৰ অডিঅ’ ‘প্ৰমাণ’ হিচাপে প্ৰকাশ কৰে ৷
সেই অডিঅ’টোত নিজকে মণিকান্ত বুলি পৰিচয় দিয়া এজন ব্যক্তিয়ে আন এজন ব্যক্তিক ফোনত কোৱা শুনা যায়, “আমি তেওঁৰ সমগ্ৰ পৰিয়ালটো নোহোৱা কৰি দিম ।” সেই সমষ্টিতে ২০১৩ আৰু ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত মল্লিকাৰ্জুনৰ পুত্ৰ প্ৰিয়াংক জয়ী হৈছিল। এইবাৰো নিৰ্বাচনত তেওঁ মণিকান্তৰ প্ৰতিদ্বন্দ্বী। ১০ মে’ত কৰ্ণাটকৰ ২২৪টা বিধানসভা সমষ্টিত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১৩ মে’ত গণনা কৰা হ’ব। তাৰ আগতে দক্ষিণ ভাৰতৰ সেই ৰাজ্যত ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি হৈছে।
২৭ এপ্ৰিলত কালবুৰ্গীত অনুষ্ঠিত নিৰ্বাচনী সভাত কংগ্ৰেছৰ সভাপতি খৰ্গেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিষাক্ত সাপৰ সৈতে তুলনা কৰিছিল। পিছত খৰ্গে এই মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল ৷