কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰমাইয়াই শনিবাৰে বিয়লি শপত গ্ৰহণ কৰে। ইয়াৰ লগে লগে তেওঁ দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হয়। কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰেও বেংগালুৰুৰ কান্তিৰাভা ফুটবল ষ্টেডিয়ামত উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
ছিদ্দাৰামায়া আৰু শিৱকুমাৰৰ উপৰিও শনিবাৰে কেইবাজনো কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। সেই তালিকাৰ এটা উল্লেখযোগ্য নাম হ’ল কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গৰ পুত্ৰ প্ৰিয়াংক। শুকুৰবাৰলৈকে উপ-মুখ্যমন্ত্ৰীৰ পদক লৈ অটল হৈ আছিল প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি জি পৰমেশ্বৰে। এইগৰাকী প্ৰভাৱশালী দলিত নেতাই শনিবাৰে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বাল্মিকী সম্প্ৰদায়ৰ নেতা সতীশ ঝাৰখিঅলিয়েও কেবিনেট মন্ত্ৰী লাভ কৰে। তেওঁৰ ককায়েক বিজেপি নেতা ৰমেশ বিদায়ী মন্ত্ৰীসভাৰ সদস্য আছিল।
পাঁচবাৰৰ বিধায়ক তথা প্ৰভাৱশালী লিংগায়ত নেতা এম বি পাটিল, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কে এইচ মুনিয়াপ্পা, দলীয় সংখ্যালঘু নেতা জামিৰ আহমেদ খান আৰু কে জে জৰ্জেও শনিবাৰে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শনিবাৰৰ শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ সভাপতি খাৰ্গ, ৰাহুল গান্ধী,প্ৰিয়ংকা, কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে। কিন্তু ছোনিয়া গান্ধী এই অনুষ্ঠানত উপস্থিত নাথাকে ৷
কংগ্ৰেছৰ মিত্ৰ দলসমূহৰ ভিতৰত এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু আৰ জে ডিৰ মুৰব্বী লালুপ্ৰসাদৰ পুত্ৰ তথা নীতিশৰ মন্ত্ৰীসভাৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আৰু জে এম এমৰ মুৰব্বী হেমন্ত ছ’ৰেন, চি পি এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, চি পি আইৰ ডি ৰাজা আৰু দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী — ৰাষ্ট্ৰীয় সন্মিলনৰ ফাৰুক আব্দুল্লা আৰু পিডিপিৰ মেহবুবা মুফতিয়ে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ৷
কংগ্ৰেছৰ আমন্ত্ৰণ পোৱাৰ পিছতো মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী কান্তিৰাভালৈ যোৱা নাছিল। তৃণমূলৰ হৈ সাংসদ কাকালী ঘোষ উপস্থিত থাকে। মহাৰাষ্ট্ৰৰ কংগ্ৰেছৰ মিত্ৰ উদ্ধৱ থাকৰেও শপতগ্ৰহণত অনুপস্থিত আছিল। তাৰ পৰিৱৰ্তে শিৱসেনাৰ মুৰব্বী (বালাচাহেবে) শপত গ্ৰহণ কৰিবলৈ নিজৰ প্ৰতিনিধি পঠিয়াইছিল।