আঘাতৰ বাবে ভাৰতে আইচিচি টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰা প্ৰথম শ্ৰেণীৰ কেইবাগৰাকী খেলুৱৈক বাদ দিয়া হৈছে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সেই খেলখনৰ দুসপ্তাহ পূৰ্বে বিৰাট কোহলীয়ে ৰোহিত শৰ্মা, ৰাহুল দ্ৰাবিড়ৰ চিন্তা আৰু অধিক বৃদ্ধি কৰিলে। দেওবাৰে আই পি এল লীগৰ অন্তিমখন খেল খেলি থকাৰ সময়তে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে আঁঠুৰ আঘাতত ভোগে ৷
গুজৰাটৰ ইনিংছৰ ১৫ নং অভাৰত কোহলীয়ে আঁঠুত আঘাত পায় । বিজয় শংকৰৰ কেটছ ধৰাৰ সময়ত কোহলীয়ে আঘাত পায় । লগে লগে খেলপথাৰলৈ আহে আৰ চি বিৰ ফিজিঅ’। কোহলীয়ে তেওঁৰ সৈতে খেলপথাৰ এৰি পেভিলিয়নলৈ যায় । খেলখনৰ বাকী সময়খিনি তেওঁ খেলপথাৰৰ পৰা বাহিৰত থাকে ৷
কোহলীৰ আঘাতক লৈ চিন্তিত হৈ পৰিছে ক্ৰিকেট অনুৰাগীসকল। খেলৰ অন্তত সঞ্জয় বাংগাৰক এই সন্দৰ্ভত সোধা-পোছা কৰা হয়। ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ প্ৰশিক্ষকগৰাকীয়ে কয় –“কোহলীৰ আঁঠুৰ সামান্য আঘাত। আঘাত গুৰুতৰ হোৱা যেন দেখা নাযায়। চাৰিদিনত তেওঁ একেৰাহে দুটা শতক অৰ্জন কৰে। কোহলী এজন ক্ৰিকেটাৰ যিয়ে কেৱল বেটেৰে দললৈ অৰিহণা যোগোৱাই নহয়। ফিল্ডিং কৰাৰ সময়তো নিজকে সর্বশ্ৰেষ্ঠ প্ৰদর্শন কৰে। কোহলীয়ে সদায় নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰে। সদায় ক্ষেত্ৰখনত সক্ৰিয় হ’বলৈ চেষ্টা কৰে।তেওঁৰ আঘাতৰ বাবে আমিও অলপ চিন্তিত হৈ পৰিছিলো। কিন্তু বেছি গুৰুতৰ যেন নালাগে।” বাংগাৰৰ মতে ঘনে ঘনে খেল খেলিলে শৰীৰে কিছু জিৰণি বিচাৰে ৷ ক্লান্তি অনুভৱ হয় ৷
টেষ্ট বিশ্বকাপত আঘাতৰ বাবে ভাৰতে নাপাব যশপ্ৰীত বুমৰাহ, ঋষভ পন্ত, শ্ৰেয়াছ আয়াৰ, লোকেশ ৰাহুলৰ দৰে ক্ৰিকেটাৰ । গতিকে কোহলীৰ আঘাতে ভাৰতীয় দলৰ চিন্তা আৰু অধিক বৃদ্ধি কৰিছে। ছন্দত থকা কোহলীয়ে খেলিব নোৱাৰিলে অ’ভেলত অনুষ্ঠিত হ’বলগীয়া সেই মেচখনত ভাৰতৰ সমস্যা নিশ্চয় বাঢ়িব৷ মন কৰিবলগীয়া যে ৭ জুনৰ পৰা আৰম্ভ হ’ব ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট বিশ্বকাপৰ ফাইনেল।