বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে আৰু চাৰি বছৰ হোৱাইট হাউছত থাকিবলৈ বাৰাক ওবামাৰ সহায় বিচাৰিছে । প্রাক্তন ৰাষ্ট্ৰপতি ওবামাই বাইডেনক সহায় কৰাৰ আশ্বাস দিয়ে বুলি প্ৰকাশ পাইছে ৷
শেহতীয়াকৈ আমেৰিকাৰ আগশাৰীৰ কাকত “দ্য ৱাশ্বিংটন পোষ্ট”ৰ এক প্ৰতিবেদন অনুসৰি যোৱা জুন মাহত অনুষ্ঠিত হোৱা এূক নৈশভোজত দুয়োজন ডেম’ক্ৰেটিক ৰাজনীতিবিদ আলোচনাত মিলিত হৈছিল। সহায়ৰ বাবে কৰা আহ্বানত ওবামাই কয় –“ মই যিমান পাৰো সহায় কৰিম।“ বাইডেনৰ ঘনিষ্ঠ সূত্ৰৰ মতে, আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাবে যে ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰবাৰ জয়ী হ’বলৈ তেওঁক “সৰ্বাধিক জনপ্ৰিয়” ডেম’ক্ৰেট ৰাজনীতিবিদজনৰ সহায়ৰ প্ৰয়োজন। বাইডেন শিবিৰৰ মতে ড’নাল্ড ট্ৰাম্পৰ মূৰৰ ওপৰত বহু গোচৰ ওলমি থকাৰ পাছতো ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থী হ’বলৈ গৈ আছে। এতিয়াৰে পৰা তেওঁক বাধা দিয়াৰ পৰিকল্পনা কৰিছে বাইডেন শিবিৰে ৷
যেতিয়া ওবামা আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল তেতিয়া বাইডেন আছিল দেশখনৰ উপ-ৰাষ্ট্ৰপতি। কিন্তু শেষলৈ বাইডেন আৰু ওবামাৰ সম্পৰ্কৰ অৱনতি ঘটিছিল ৷ শুনা গৈছে যে ২০২০ চনত বাইডেনক ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হিচাপে গ্ৰহণ কৰিব বিচৰা নাছিল ওবামাই। পিছলৈ অৱশ্যে তেওঁ বাইডেনৰ হৈ প্ৰচাৰ চলায়। আফ্ৰিকান-আমেৰিকান ভোটৰ সিংহভাগ ডেম’ক্ৰেট দললৈ যোৱাৰ বাবে বাইডেন শিবিৰে ওবামাক ধন্যবাদ জনায়। ইয়াৰ পূৰ্বে ১৯৮৮ আৰু ২০০৮ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বাইডেনে পৰাস্ত হ’বলগীয়া হৈছিল। ২০০৮ চনৰ প্ৰাইমাৰীত বাইডেন ওবামাৰ হাতত পৰাস্ত হৈছিল। ২০২০ চনত তৃতীয়বাৰৰ বাবে ট্ৰাম্পক পৰাস্ত কৰি হোৱাইট হাউছৰ বাসিন্দা হয়। ২০২৪ চনত আমেৰিকাত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব।