VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মহিলা ফুটবল বিশ্বকাপত অঘটন, গ্ৰুপ পর্যায়তে বিদায় ল’লে দুবাৰৰ চেম্পিয়ন জাৰ্মানী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 4, 2023
in ক্ৰীড়া
মহিলা ফুটবল বিশ্বকাপত অঘটন, গ্ৰুপ পর্যায়তে বিদায় ল’লে দুবাৰৰ চেম্পিয়ন জাৰ্মানী
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

মহিলা ফুটবল বিশ্বকাপত আন এক অঘটন ৷ দুবাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীয়ে দক্ষিণ কোৰিয়াৰ হাতত পৰাস্ত হৈ মহিলা বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হ’ল। গ্ৰুপৰ অন্তিমখন খেলত জাৰ্মানীয়ে দক্ষিণ কোৰিয়াৰ সৈতে ১-১ গ’লত সমতা স্থাপন কৰে। ফলত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউটত উপনীত হ’ব নোৱাৰিলে। আনহাতে আনখন গ্ৰুপ মেচত মৰক্কোৱে কলম্বিয়াক পৰাস্ত কৰে। গ্ৰুপ এইচৰ পৰা এই দুটা দলে নক আউটৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

 

 

বৃহস্পতিবাৰে প্ৰথমখন খেল আছিল কলম্বিয়া বনাম মৰক্কো। এই বিশ্বকাপৰ প্ৰথম দুখন মেচত জয়লাভ কৰি গ্ৰুপ তালিকাৰ শীৰ্ষত আছিল কলম্বিয়া। আনহাতে মৰক্কোৱে ৩ পইণ্ট লাভ কৰে। প্ৰথমাৰ্ধৰ বিৰতিৰ ঠিক আগতেই মৰক্কোৱে পেনাল্টি পায়। অনিছা লামাৰীৰ প্ৰথমটো শ্বট গ’লৰক্ষকে ৰক্ষা কৰে যদিও ৰিবাউণ্ডত গ’ল দিয়ে। ১-০ গ’লত আগবাঢ়ি আছে মৰক্কো। দ্বিতীয়ার্ধত বহু চেষ্টাৰ পাছতো কলম্বিয়াই গ’ল দিব নোৱাৰিলে৷ ফলত দুয়োটা দলে দুখন মেচত জয়লাভ কৰি ৬ পইণ্টেৰে অন্ত পেলায়। গ’লৰ পাৰ্থক্যত কলম্বিয়াই শীৰ্ষস্থান দখল কৰে।

 

এই পৰিস্থিতিত জাৰ্মানীয়ে দক্ষিণ কোৰিয়াক পৰাস্ত কৰি নক আউটলৈ যাব লগা হৈছিল। কিন্তু খেল আৰম্ভ হোৱাৰ ৬ মিনিটৰ পাছত চ’ ছ’হিউনে জাৰ্মানীক ডাঙৰ আঘাত দিয়ে। লি ইংজুৰৰ পৰা বলটো পাই তেওঁ গ’ল দিয়ে। জাৰ্মানীয়ে লক্ষ্য ঘূৰাই দিবলৈ হাহাকাৰ কৰিছিল। অৱশেষত ৪২ মিনিটৰ অন্তত অধিনায়ক আলেকজেণ্ড্ৰা পপে গ’ল দিয়ে।

 

দ্বিতীয়াৰ্ধত জাৰ্মানীয়ে আগবাঢ়ি যাবলৈ চেষ্টা কৰে। ৫৮ মিনিটৰ পাছত পপৰ গ’লটো ৰেফাৰীয়ে প্ৰযুক্তি ব্যৱহাৰ কৰি বাতিল কৰে। শেষত কেইবাটাও সুযোগ পোৱাৰ পিছতো জাৰ্মানীয়ে গ’ল দিব নোৱাৰিলে। কেতিয়াবা বলটো বাৰত খুন্দা মাৰে। কেতিয়াবা আকৌ পোষ্টটোৰ বাহিৰলৈ ওলাই যায়। শেষত খেলখন ১-১ গ’লত ড্ৰ’ হয়। ফলত জাৰ্মানীয়ে ৪ পইণ্টেৰে তৃতীয় স্থান দখল কৰে। ১ পইণ্টেৰে গ্ৰুপৰ অন্তিম স্থানত আছে দক্ষিণ কোৰিয়া।

 

অৱশ্যে বিশ্বকাপৰ গ্ৰুপ এইচৰ প্ৰথমখন খেলত জাৰ্মানীৰ হাতত ৬ গ’লত পৰাস্ত হয় মৰক্কো। তাৰ পৰাই মৰক্কো পৰৱৰ্তী ৰাউণ্ডলৈ যাব বুলি কোনেও ভবা নাছিল। জাৰ্মানীয়ে প্ৰথমে কলম্বিয়াৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল। পুৰুষৰ বিশ্বকাপ ২০১৮ত পূৰ্বৰ বিশ্বকাপ চেম্পিয়ন জাৰ্মানীয়ে গ্ৰুপৰ অন্তিমখন খেলত দক্ষিণ কোৰিয়াৰ হাতত পৰাস্ত হৈছিল। মহিলা বিশ্বকাপত দক্ষিণ কোৰিয়াৰ হাতত স্বপ্নভংগ হ’ল জার্মানীৰ ৷

 

Previous Post

বিশ্ব চেম্পিয়নশ্বিপত পৰাস্ত হৈ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে ভাৰতীয় ধনুৰ্বিদসকলে

Next Post

দ্বিতীয়বাৰৰ বাবে দেশৰ ৰাষ্ট্ৰপতি হ’বলৈ বাইডেনে বিচাৰিলে“প্ৰাক্তন” ৰাষ্ট্ৰপতি ওবামাৰ সহায়

Related Posts

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?
ক্ৰীড়া

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?
ক্ৰীড়া

শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?

September 20, 2023
গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী
ক্ৰীড়া

গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী

September 13, 2023
ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে
ক্ৰীড়া

ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে

September 6, 2023
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল
ক্ৰীড়া

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল

August 29, 2023
এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক,  নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা
ক্ৰীড়া

এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক, নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা

August 23, 2023
Next Post
দ্বিতীয়বাৰৰ বাবে দেশৰ ৰাষ্ট্ৰপতি হ’বলৈ বাইডেনে  বিচাৰিলে“প্ৰাক্তন” ৰাষ্ট্ৰপতি ওবামাৰ সহায়

দ্বিতীয়বাৰৰ বাবে দেশৰ ৰাষ্ট্ৰপতি হ’বলৈ বাইডেনে বিচাৰিলে“প্ৰাক্তন” ৰাষ্ট্ৰপতি ওবামাৰ সহায়

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7