অক্ষয় কুমাৰৰ নতুন ছবি ‘ওএমজি-২’ শেহতীয়াকৈ মুক্তি লাভ কৰিছে। ছবিখন নিৰ্মাণৰ পূৰ্বেই বহু বিতৰ্কৰ সৃষ্টি হৈছিল। চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশন বা চিবিএফচিৰ পৰা ছবিখনে অনুমতি লাভ কৰাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছিল ৷ বহু যুক্তিৰ মাজতো দৰ্শকে এই ছবিখন ভাল পাইছে ৷ অক্ষয়, ইয়ামী গৌতম, পংকজ ত্ৰিপাঠীৰ চিনেমাখনে অতিক্ৰম কৰিলে ৮০ কোটি টকাৰ ব্যৱসায় । ইতিমধ্যে ‘ওএমজি-২’ৰ বাজেট সম্পৰ্কে বহু চৰ্চিত হৈছে। ছবিখন মুক্তি পোৱাৰ পিছতে ছবিখনৰ প্ৰযোজক অজিত অন্ধ্ৰই প্ৰকাশ কৰিছে এক নতুন তথ্য।
এই ছবিখনৰ বাবে নায়ক হিচাপে অক্ষয় কুমাৰে এটকাও পাৰিশ্ৰমিক লোৱা নাছিল। এক সাক্ষাৎকাৰত অন্ধ্ৰই কয়, ‘অক্ষয়ে এই ছবিখনৰ বাবে কোনো ধৰণৰ পাৰিশ্ৰমিক লোৱা নাছিল। বিপৰীতে তেওঁ আগবাঢ়ি আহিছিল আৰু ছবিখন নিৰ্মাণত প্ৰযোজক হিচাপে সহায় কৰিছিল।” অক্ষয়ৰ সৈতে অজিতে ইয়াৰ পূৰ্বে বহু ছবিত কাম কৰিছে। নায়ক নাথাকিলে এনে ছবি নিৰ্মাণৰ ৰিস্ক কেতিয়াও নোলোৱা হ’লহেঁতেন বুলিও তেওঁ কয়। ‘এ’ চাৰ্টিফিকেট পোৱাৰ বাবে বহু লোকে ছবিখন চাব পৰা নাই বুলিও তেওঁ প্ৰকাশ কৰে ।
ছবিখনত কাম কৰাৰ পিছতো ‘ওএমজি-২’ৰ অন্যতম অভিনেতা অৰুছে ভাৰ্মাই এতিয়াও ছবিখন উপভোগ কৰিব পৰা নাই। অৰুছে ছবিখনত কান্তি শৰণ মুদগালৰ (পংকজ ত্ৰিপাঠী) পুত্ৰ বিবেকৰ চৰিত্ৰত অভিনয় কৰিছে। কিন্তু তেওঁ নিজেই নিজৰ চিনেমা চোৱাৰ অনুমতি নাপালে। ‘এ’ৰ প্ৰমাণ পত্ৰ সলনি কৰিবলৈ অনুৰোধ জনাই চেঞ্চৰ ব’ৰ্ডত আবেদন দাখিল কৰিছে অৰুছে ৷