বিশ্বকাপৰ প্ৰস্তুতি মেচতে আউল লাগিল ভাৰতৰ ৷ গুৱাহাটীৰ বর্ষাপাৰাত ইংলেণ্ডৰ বিৰুদ্ধে প্রস্তুতিৰ মেচখন সময়মতে আৰম্ভ কৰিব পৰা নগ’ল৷ দুপৰীয়া এক বজাত টছৰ সময়তে বতৰ ডাৱৰ হৈ পৰে ৷ টছত জিকি ভাৰতে বেট ধৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কিন্তু সেই সময়তে বৰষুণ আৰম্ভ হয় ৷ প্ৰচণ্ড নেৰানেপেৰা বৰষুণৰ বাবে মেচ অনুষ্ঠিত নোহোৱাৰ সম্ভাৱনাই অধিক হৈ পৰে ৷
বিশ্বকাপৰ পূৰ্বে ভাৰতে দুখন ৱাৰ্ম আপ মেচ খেলাৰ কথা। শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেল। বৰষুণৰ ধৰণেও মেচ বাতিল হোৱাৰে ইংগিত দিছে ৷
খেলখন চাবলৈ বহু দৰ্শক ষ্টেডিয়ামত উপস্থিত হৈছিল ৷ কিন্তু বহুতে ষ্টেডিয়ামত প্ৰৱেশ কৰিব নোৱাৰিলে। ধাৰাসাৰ বৰষুণৰ বাবে পথত আবদ্ধ হৈ পৰিছে বহু লোক। বৰষুণ বন্ধ হোৱালৈ অপেক্ষা কৰি আছে অনুৰাগীসকলে।
৮ অক্টোবৰত বিশ্বকাপৰ ভাৰতৰ প্ৰথমখন খেল। সেই মেচখন ভাৰতে চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব। ৰোহিতৰ দ্বিতীয়খন খেল আফগানিস্তানৰ বিৰুদ্ধে। সেই মেচখন হ’ব দিল্লীত। ১৪ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ খেল অনুষ্ঠিত হ’ব ।
সেই সকলোবোৰ মেচৰ পূৰ্বে ভাৰতৰ দ্বিতীয়খন ৱাৰ্ম আপ মেচ তিৰুৱানন্তপুৰমত অনুষ্ঠিত হ’ব । ৩ অক্টোবৰত নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব ৰোহিতৰ দলে । স্বাভাৱিকতে বিশ্বকাপৰ মূল মেচ অনুষ্ঠি নহ’লেও ৱার্ম আপ মেচক লৈ অনুৰাগীৰ মাজত উছাহৰ সৃষ্টি হৈছিল ৷ কিন্তু বৰষুণে সেই উছাহ ম্লান কৰিলে ৷