পুনৰ মহাকাশলৈ উৰা মাৰিলে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে ৷ বয়িঙৰ ষ্টাৰ লাইনাৰ যোগে ইতিহাস ৰচি ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে বয়িঙৰ প্ৰথমটো ক্রুড অভিযানৰ জৰিয়তে তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰে। বুধবাৰে ফ্ল’ৰিডাৰ মহাকাশ উৎক্ষেপণ কেন্দ্ৰ-৪১ৰ পৰা ভাৰতীয় সময় অনুসৰি নিশা ৮বাজি ২২মিনিটত মহাকাশলৈ উৰা মাৰে সুনীতা উইলিয়ামছে ।
পূর্বে দুবাৰকৈ মহাকাশ যাত্রা কৰা সুনীতা উইলিয়ামছে এইপর্যন্ত ৩২২ দিন মহাকাশত কটাইছে। মহাকাশ যাত্ৰাৰ ২৬ ঘণ্টাৰ ভিতৰত ষ্টাৰ লাইনাৰৰ কেপচুলৰ পৰা আন্তর্জাতিক মহাকাশ কেন্দ্ৰত প্ৰৱেশ কৰিব সুনীয়া উইলিয়ামছসহ দুই মহাকাশচাৰীয়ে।
সুনীতা উইলিয়ামছক এই যাত্ৰাত সংগ দিছে বেৰী উইলম’ৰেও। বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানত উঠি মহাকাশলৈ উৰা মাৰে নাছাৰ অভিজ্ঞ মহাকাশচাৰী দুগৰাকীয়ে ।উল্লেখ্য যে ইয়াৰ পূর্বে দুবাৰকৈ সুনীতা উইলিয়ামছৰ মহাকাশযাত্ৰা বাতিল কৰা হৈছিল ৷ মহাকাশযানত ঘটা বিজুতিৰ বাবে অন্তিম মুহুর্তত বাতিল কৰা হৈছিল তেওঁলোকৰ যাত্ৰা ৷ অৱশ্যে তৃতীয় বাৰ এই যাত্ৰা সফল হয় ৷