জি -20 সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যেৰে আজি ৰোমলৈ যাত্ৰা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিযেই তেওঁ এই সন্মিলনত অংশগ্ৰহণ কৰিব। ৰোমত উপস্থিত হৈয়েই তেওঁ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্রতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।
দুদিনীয়া এই ভ্ৰমনসূচীৰ সময়ত তেওঁ ভেটিকান চিটিৰ পোপ ফ্ৰান্সিছক সাক্ষাৎ কৰিব।ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ ড্ৰাঘিৰ আমন্ত্ৰণমৰ্মে মোদী দেশখনত উপস্থিত হৈছে। অহা 31 অক্টোবৰলৈ মোদী ৰোমত থাকিব। ইয়াৰ পাছতে অহা 1 নবেম্বৰত তেওঁ দুদিনীয়া ভ্ৰমণসুচীৰে ব্ৰিটেইনৰ গ্লাছগ্ল’ত উপস্থিত হব ।
ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ আমন্ত্ৰণত ব্ৰিটেইনত উপস্থিত হৈ মোদীয়ে চি অ পি 20 বৈঠকত অংশগ্ৰহণ কৰিব। ৰোমত অনুষ্ঠিত হবলগীয়া জি 20 সন্মিলনত তেওঁ আন দেশৰ নেতাসকলৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিব।
এইবাৰ জি 20 সন্মিলনত গোলকীয় অৰ্থনীতি, কভিড মহামাৰীৰ পৰা সুস্থতা, জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ ওপৰত আলোচনা কৰা হব। এই ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে 2020 চনত কভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে জি 20 সন্মিলন অনুষ্ঠিত হব।
সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে গোলকীয় অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত মত বিনিময়ৰ জৰিয়তে ব্যৱস্থা গ্ৰহণৰ পথ প্ৰশস্ত কৰিব। জি 20 সন্মিলনৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাখনো দেশৰ নেতাৰ সৈতে মিলিত হব। ভেটিকান চিটিত তেওঁ পোপ ফ্ৰান্সিছক সাক্ষাৎ কৰাৰ লগতে ৰাষ্ট্ৰখনৰ সচিব কাৰ্ডিনেল পিয়েত্ৰ পাৰলীনৰ সৈতে আলোচনাত মিলিত হব।