বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহক লৈ তৎপৰ হৈ পৰিছে বিজেপি। যিকোনো প্ৰকাৰে এই ৰাজ্যসমূহত শাসনৰ গাদী দখল কৰিবলৈ আগতীয়াকৈ আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান। অহা বছৰৰ প্ৰথম ভাগতে অনুষ্ঠিত হবলগীয়া উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি আৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ডেৰাডুনৰ বান্ন’ বিদ্যালয়ৰ খেলপথাৰত তেওঁ এই নিৰ্বাচনী ৰেলী সম্বোধন কৰিব।
অমিত শ্বাহৰ ভ্ৰমণৰ প্ৰাকমূহুৰ্তত উত্তৰাখণ্ড বিজেপিৰ কেইবালানি বৈঠক অনুষ্ঠিত হৈ যায়। এই মেগা ৰেলী যাতে ব্যাপক সফল হয় তাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক কুলদ্বীপ কুমাৰে কয় যে লক্ষাধিক সমৰ্থক আৰু সদস্যই এই সভাত অংশগ্ৰহণ কৰিব।
উল্লেখযোগ্য যে 70 জনীয়া বিধানসভাৰ নিৰ্বাচন 2022 বর্ষৰ আৰম্ভণিতে অনুষ্ঠিত হব। 2017 চনৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে 54 খন আসন লাভ কৰিছিল। আনহাতে কংগ্ৰেছে লাভ কৰিছিল 11 খন আসন। ইপিনে, ৰেলীৰ পিছতে কেন্দ্রীয় গৃহমন্ত্ৰী গৰাকীয়ে ঘাচিয়াৰী কল্যান যোজনা মুকলি কৰিব। শেহতীয়াকৈ এয়া হৈছে অমিত শ্বাহৰ দ্বিতীয়তো উত্তৰাখণ্ড ভ্ৰমণ। ইয়াৰ পূৰ্বে যোৱা 21 অক্টোবৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৰাজ্য খন ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লৈছিল। ৰাজ্যিক নেতাসকলে আশা প্ৰকাশ কৰিছে যে উত্তৰাখণ্ডবাসীয়ে পুনৰ বিজেপি চৰকাৰৰ ওপৰত আস্থা প্ৰকাশ কৰিব আৰু শাসনৰ গাদী দখল কৰিবলৈ সক্ষম হব।