“মেটা” কোম্পানীৰ তৰফৰ পৰা what’s app ব্যৱহাৰৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে। আজিৰে পৰা এপ’ল, ছেমছাং আদি কেইবাটাও কোম্পানীৰ মোবাইলত what’s app ব্যৱহাৰ কৰিব নোৱাৰিব বুলি উল্লেখ কৰিছে।
পুৰণি এণ্ড্ৰইড আৰু আই অ’ এছযুক্ত ৪০ টাৰো অধিক ফোনত আজিৰে পৰা what’s app অকামিলা হৈ পৰাব। ছেমছাং গেলেক্সী এছ ২, গেলেক্সী এছ 3, গেলেক্সী এছ কভাৰ ২, গেলেক্সী এছ ক’ৰ আদিত জনপ্ৰিয় এপটো অকামিলা হৈ পৰিব। আনহাতে এপ’লৰ আই ফোন এছ আই, আই ফোন ৬ এছ, আই ফোন ৬ এছ প্লাছ আদিতো what’s app ব্যৱহাৰ কৰিব নোৱাৰিব।
একেদৰে ছনি এল জি, ZTE আদি কোম্পানীৰ পুৰণি মডেলসমূহত পূৰ্বৰ দৰে what’s app ব্যৱহাৰ কৰিব পৰা নাযাব।
কেৱল এণ্ড্ৰইড ৪.১ বা তাৰ ওপৰৰ ভাৰ্ছন, আই অ’ এছ ১০ বা তাৰ ওপৰৰ ভাৰ্ছন মোবাইলতহে what’s app ব্যৱহাৰ কৰিব পাৰিব।