২০২২ চনত ফিলিপাইনছৰ ৰাজধানী মেনিলাত অনুষ্ঠিত হʼব লগা গ্লেমাৰ লুক ইণ্টাৰনেচনেল সৌন্দৰ্য প্ৰতিযোগিতাত এইবাৰ ভাৰতক প্ৰতিনিধিত্ব কৰিব নগা সুন্দৰী লিকপো কন্যাকে। অলপতে ডিমাপুৰ কলেজ প্ৰেক্ষাগৃহত ‘দি গ্লেমাৰ হাব এণ্টাৰটেইনমেণ্ট নাগালেণ্ডে আয়োজন কৰা ২০২১ বৰ্ষৰ মিছ নাগালেণ্ড ডিভা সৌন্দৰ্য প্ৰতিযোগিতাত লিকপোৱে ‘মিছ ডিভা নাগালেণ্ড’ খিতাপ দখল কৰিছিল।
এই সৌন্দৰ্য প্ৰতিযোগিতাত ডিমাপুৰৰ ছছৈয়ে প্ৰথম ৰানাৰ্ছআপ আৰু মুনুলু ছুঝুৱে দ্বিতীয় ৰাণাৰ্ছআপ বিবেচিত হয়।